নিউজ ডেক্সঃবছৰত এদিন বৃক্ষ ৰোপনেৰে বিশ্ব পৰিবেশ দিবস উদযাপনে আমাৰ পৰিবেশ সুৰক্ষিত কৰিব পাৰিবনে ? আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰতো পালন কৰা হল বিশ্ব পৰিবেশ দিবস । উত্তৰ গুৱাহাটী পৌৰসভা , সামাজিক বনানি কৰণ আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত দৌল গোবিন্দ মন্দিৰ প্ৰাংগনত গছ পুলি ৰোপনেৰে বিশ্ব পৰিবেশৰ দিবস উদযাপন কৰা হয় । সাংস্কৃতিক সঞ্চালকালয় কৰ্মীয়ে মনোগ্ৰাহী বাটৰ নাট ,গীত মাতেৰে আকৰ্ষিত কৰিলে সকলোৰে । পৰিবেশ সজাগতাৰ মূলমন্ত্ৰ সকলোৰে ওচৰলৈ নি সুৰক্ষিত পৰিবেশ সূচনাৰ পন ললে সকলোৱে । পিছে এদিনৰ এই সজাগতাই কি উপকাৰ সাধিব আমাৰ পৰিবেশৰ । উত্তৰ গুৱাহাটীক প্ৰদুষিত উদ্যোগ কল কাৰখানৰ অস্বাস্থ্যকৰ পৰিবেশৰ পৰা কোনে বচাব । দ্ৰুত গতিত পাহাৰ ধ্বংসৰ বিৰুদ্ধে প্ৰসাসনে কিবা কৰিছেনে ? উত্তৰ দিলে উত্তৰ গুৱাহাটী পোৰ সভাৰ তদাৰকী বিষয়া তথা চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে ।
