হাটশিঙীমাৰী, ১০ জুনঃ- ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত পলাশকান্দি গাঁৱৰ আচান আলীৰ পুত্ৰ আব্দুৰ ৰেজ্জাকে কিছুদিন পূৰ্বে পেটৰ তাড়নাত কাম বিচাৰি অৰুণাচল লৈ যায়। তাতে কাম কৰি ঘৰলৈ উভতি অহাৰ সময়ত পাচিঘাট নামৰ ঠাইত সামান্য গাড়ী ভাড়াক কেন্দ্ৰ কৰি একাংশ যুৱকে হাত ভৰি বান্ধি যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰে৷ লগতে দুস্কৃতিকাৰী সকলে এই সমগ্ৰ ঘটনা মোবাইল কেমেৰা বন্ধি কৰি সামাজিক মাধ্যমত ভাইৰাল কৰে৷
ইফালে সামাজিক মাধ্যমত ভাইৰাল হোৱা ভিডিও খন যুৱকজনৰ ঘৰৰ মানুহৰ চকুত পৰাত ঘৰখনৰ শোকাকূল পৰিবেশৰ সৃষ্টি হয়৷ কান্দোনত ভাঙি পৰে নিৰ্যাতনৰ বলি হোৱা যুৱকজনৰ মাতৃৰ লগতে আত্মীয়ই৷ যুৱক জনক সেই স্থানৰ পৰা উদ্ধাৰৰ বাবে অসম আৰক্ষীক দাবী জনায় যুৱক জনৰ আত্মীয়ই৷ উল্লেখ্য যে অসমত কোনো কৰ্মসংস্থাপন নাপাই পেটৰ তাড়নাত বহিঃৰাজ্য লৈ কাম বিচাৰি গৈ বাৰে বাৰে নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে একাংশ অসমৰ নিৰীহ যুৱকে। পৰিয়ালৰ লোকে সদৰি কৰা মতে বৰ্তমান ভুক্তভোগী যুৱকজন অৰুণাচল আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে৷ সেয়ে ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ লোকে অসম আৰক্ষী সঞ্চালক জি পি সিংৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যুৱকজনক নিজ গৃহলৈ ঘুৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কঠোৰ পদক্ষেপ হাতত ল’বলৈ অনুৰোধ জনায়৷










