বঙাইগাঁও ১৪ জুন::বঙাইগাঁও জিলা মীন বিভাগে ঘিলাগুৰি পাৰাপোতা বিলত অভিযান চলোৱাত মীনপালকসকলে প্ৰশংসা কৰিছে। জানিব পৰা মতে – জিলা মীন উন্নয়ন বিষয়া দেৱব্ৰত দাসে এক গোপন তথ্যৰ ভিত্তিত জিলাখনৰ ঘিলাগুৰি পাৰাপোতা বিলত অভিযান চলাই ৫০খনৰো অধিক চিপজাল, বেৰজাল, চেপা জব্দ কৰে ।মীন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ খৱৰ লাভ কৰি অবৈধ ভাৱে মাছধৰি থকা মাছমৰীয়াসকলে পলায়ন কৰে। মীন উন্নয়ন বিষয়া দেৱব্ৰত দাসে জানিব দিয়া মতে- মীন আইন ১৯৫৩ চনৰ সংশোধনী ২০০৫ চনৰ আইন মতে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে গাভনী মাছ ধৰা বা মাৰা নিষিদ্ধ যদিও এক দুষ্টচক্ৰই নিজৰ মোনাফা লাভৰ বাবে ঘিলাগুৰি পাৰাপোতা বিলত মাছ ধৰি বিক্ৰী কৰি আহিছিল। সেয়ে জিলা মীন উন্নয়ন বিষয়া দেৱব্ৰত দাস, মহকুমা মীন উন্নয়ন বিষয়া বাবন কলিতাসহ মীন বিভাগৰ কৰ্মচাৰীসকলে অভিযান চলাই মাছ ধৰা সামগ্ৰীসমূহ জব্দ কৰি কাৰ্য্যালয়লৈ আহে। মাছধৰা সামগ্ৰীসমূহ জব্দ কৰাৰ পিছত স্হানীয় লোকক লৈ মীন বিভাগে এক সজাগতা সভা অনুষ্ঠিত কৰে। সভাত এইসময়ত মাছ ধৰিলে মাছৰ উৎপাদন কমি যাব আৰু সেয়ে ৰাইজক সজাগ থাকিবলৈ আহ্বান জনায় মীন উন্নয়ন বিষয়া দেৱব্ৰত দাসে ।মীন বিভাগৰ এই কাৰ্য্যক মীনপালকসকলে প্ৰশংসা কৰিছে।










