গুৱাহাটী,১৫ জুনঃ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাৰ তদন্তৰ দায়িত্ব লৈ অভিযানত নামি পৰিছে চি বি আইৰ দল। উল্লেখ্য যে ১৫ মে’ৰ পুৱতি নিশা নগাঁৱৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল এছ আই জোনমণি ৰাভাৰ। কিন্তু জোনমণি ৰাভাৰ এই পথ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছিল বহু ৰহস্য। হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছিল পৰিয়ালৰ লোককে ধৰি বিভিন্ন দল-সংগঠনে। ঘটনাৰ চি বি আইৰ তদন্ত দাবী কৰিছিল সকলোৱে। অসম চৰকাৰে ঘটনাৰ চি আই ডি তদন্ত দিছিল যদিও পাছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চি বি আই তদন্ত দিয়াৰ কথা ঘোষণা কৰে। অৱশেষত বুধবাৰে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়। দায়িত্ব গ্ৰহণ কৰিয়ে ঘটনা সংঘটিত হোৱাৰ এটা মাহৰ পাছত চি বি আইৰ তদন্তকাৰী দল আহি গুৱাহাটীত উপস্থিত হয়। চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত এটা দল আহি বুধবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয়। এই দলটোৱে জোনমণি ৰাভাৰ ঘটনাৰ তদন্ত কৰিব। ইতিমধ্যে চি বি আইৰ তদন্তকাৰী দলটো নগাঁৱলৈ ৰাওনা হৈছে। ইফালে চি বি আইলৈ এই তদন্তৰ প্ৰক্ৰিয়া যোৱাৰ বাবে জোনমণি ৰাভাৰ মাতৃ আৰু ভাতৃয়ে সন্তষ্টি প্ৰকাশ কৰিছে। জোনমণি ৰাভাৰ মাতৃয়ে কয় যে জোনমণি ৰাভাও আছিল এগৰাকী আৰক্ষী বিষয়া। জোনমণি ৰাভাই যিসকলৰ লগত কাম কৰিছিল তেওঁলোকো আৰক্ষী বিষয়া। এই গোচৰৰ তদন্তসকলো আৰক্ষী বিষয়া। চি বি আইৰ যিগৰাকী তদন্তকাৰী বিষয়া আহিছে তেওঁ এগৰাকী মহিলা বিষয়া। গতিকে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ লগত হোৱা এই ঘটনা সঠিক ভাৱে তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়ক বুলি জোনমণি ৰাভাৰ মাতৃয়ে আহ্বান জনায়। ইফালে জোনমণিৰ জ্যেষ্ঠ ভাতৃয়ে কয় যে চি বি আইৰ দল আহি গুৱাহাটীত উপস্থিত হৈছেহি বুলি শুনিছো। চি বি আইয়ে তদন্তৰ আওঁতালৈ সকলোকে আনক। সেই সময়ৰ নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি আন বিষয়া আৰু সকলো লোককে তদন্তৰ আওঁতালৈ আনিবলৈ তেওঁ দাবী জনায়। উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জনোৱা মতে চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ৪টা গোচৰৰ তদন্ত কৰিব।