নিউজ ডেক্সঃপথ নে, বোকাময় পথাৰ ধৰিবকে নোৱাৰি। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো ৰাইজৰ সমস্যা, সমস্যা হৈয়েই থাকিল। ৰূপহীহাট সমষ্টিৰ এটা লোক নিৰ্মান বিভাগৰ পথ দেখিলে আপোনাৰো চকু কপালত উঠিব। ৰূপহীহাট সমষ্টিৰ উত্তৰ বৰঘাটৰ এই পথটো এতিয়া যাতায়তৰ অনুপযোগী হৈ পৰিছে। পথটোৰ ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ গাত, বোকাময় পথাৰৰ লেখীয়া হৈ পৰিছে। পথটোৰে এতিয়া ৰোগীক আনিবলৈ এম্বুলেন্স এখনো যাব নোৱাৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ যাতায়ত কৰাত বহু সমস্যাৰ সৃষ্টি হয় । কিন্তু সমষ্টিটোৰ বিধায়ক নুৰুল হুদাৰ কোনো কাণষাৰ নাই এই পথটোৰ দুৰৱস্থা দূৰ কৰাৰ বাবে। যাৰ পৰিণতিত আজি ৰাইজে লোক নিৰ্মাণ বিভাগৰ এই পথটোলৈ ওলাই আহি ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ল । নুৰুল হুদা গ’বেক, নুৰুল হুদা মুৰ্দাবাদ ইত্যাদি ধ্বনিৰে উত্তাল কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ । সুচল যাতায়তৰ বাবে এই পথটো নিৰ্মান কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।