নলবাৰী জুনঃনেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ ৫৯নং নলবাৰী বিধান সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰী আৰু দোদেতীয়াত নোনা নৈখনৰ খহনীয়া অধিক ভাৱে বৃদ্ধি পাইছে।ইতিমধ্যে উক্ত দুয়োটাস্থানত নৈখনে কাল ৰূপ ধাৰণ কৰিছে। লগতে উক্তস্থান দুয়োটাত বালিৰে নিৰ্মাণ কৰা মথাউৰিৰ খহনীয়া অব্যাহত আছে।মথাউৰিটোৰ উক্ত স্থান দুয়োটাৰ খহনীয়া ইমানেই বৃদ্ধি পাইছে যে মথাউৰিটো যিকোনো মুহূৰ্ততে উক্তস্থান দুয়োটাত ছিঙি যাব পাৰে।যাক লৈ নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে।সম্প্ৰতি মথাউৰিটোৰ উক্তস্থান দুয়োটা নলবাৰী জল সম্পদ বিভাগৰ একাংশ কৰ্মচাৰীয়ে একাংশ স্থানত টিৰপাল আঁৰি,বস্তা মাটি ভৰাই খহনীয়া ৰোধৰ চেষ্টা কৰিছে।স্থানীয় নৈপৰীয়া ৰাইজে নিদ্ৰ হৰণ কৰি মথাউৰিটো প্ৰহৰা দিয়া ব্যৱস্থা কৰি আহিছে বুলি জানিব পৰা হৈছে।উল্লেখ্য যে নৈখন যদিহে উক্তস্থান দুয়োটাৰ যিকোনো এঠাইত ছিঙি যায় তেতিয়া হলে বনভাগ আৰু বৰভাগ অঞ্চলৰ অৰ্ধশতাধিক গাঁও পানীত বুৰ যাব বুলি সচেতন ৰাইজে জানিব দিয়ে।উল্লেখযোগ্য যে প্ৰতি বছৰে নোনা নৈৰ মথাউৰি উক্তস্থান সমূহত সৱলীকৰণ তথা মেৰামতি কৰা ৰ বাবে কৌটি কৌটি টকা ধন আৱন্টন দি খীৰতি গাইত পৰিগণিত কৰি আছে বুলি চৰ্চিত হৈছে।
স্থানীয় নৈপৰীয়া ৰাইজে জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু নলবাৰী বিধায়ক তথা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নোনা নৈৰ উক্ত মথাউৰি ছোৱা পৰিভ্ৰমণ কৰিবলৈ দাবী জনাইছে।










