নিউজ ডেক্স,২৯ জুনঃ পুনৰ উত্তপ্ত মণিপুৰ। ৰাহুল গান্ধীৰ ভ্রমণৰ মাজতে পুনৰ হিংসাত্মক ঘটনাৰ সৃষ্টি হয় মণিপুৰত। পূব ইম্ফলত বিদ্রোহীৰে গুলীয়াগুলীত আহত হয় ৬ জনকৈ লোক। আনহাতে এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। চেনজেম চিৰামত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। মণিপুৰত কংগ্ৰেছ নেতাগৰাকী উপস্থিত হৈছে যদিও পুনৰ হিংসাই গা কৰি উঠিছে। উল্লেখ্য যে ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক কাৰ্যকালাপ। জাতিগত সংঘৰ্ষৰ ফলত এই পৰ্যন্ত ১০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুজন। ইয়াৰ লগতে বহুতৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে নিৰাপত্তাবাহিনীয়ে উদ্ধাৰ কৰিছে বহুলোকক। কিন্তু বিদ্ৰোহৰ ইমানদিন পাছতো শাম কটা নাই পৰিস্থিতি। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও শান্তি ঘূৰি অহা নাই মণিপুৰলৈ ।










