গুৱাহাটী,২ জুলাইঃ অসম আৰক্ষী আৰু কামৰূপ জিলাৰ আৰক্ষীৰ সফলতা। অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (এছ টি এফ) দুটা পৃথক অভিযানত প্ৰায় ১১ কোটি টকাৰ বৃহৎ পৰিমাণৰ হেৰোইন জব্দ কৰে। ডি আই জি পাৰ্থ সাৰথি মহন্তই জনোৱা অনুসৰি গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কামৰূপ জিলা আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই এখন বাহনৰ পৰা ৭০০ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে । যাৰ বজাৰ মূল্য ৫ কোটি ৫০ লাখ টকা। উক্ত ড্ৰাগছখিনি গুৱাহাটীৰ পৰা ধুবুৰীৰ অভিমুখে নি থকা অৱস্থাত জব্দ কৰা হয়। আনহাতে আন এটা অভিযানতো আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰোইন। দুয়োটা অভিযানত জব্দ কৰা হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় ১১ কোটি টকা। উক্ত হেৰোইন জব্দ কৰাৰ সমান্তৰালভাৱে ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্রেপ্তাৰ হোৱা লোককেইজন হ’ল আব্দুল হাই, মহিদল ইছলাম আৰু ৰফিকুল ইছলাম। উল্লেখ্য পৰৱৰ্তী অনুসন্ধানৰ বাবে সৰবৰাহী কেইজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।










