নিউজ ডেক্সঃঅসম আৰক্ষীৰ সংস্কাৰ বিছাৰিছে গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাই । অসম আৰক্ষী হেনো ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ আৰক্ষী হব । মুখ্য মন্ত্ৰীৰ এই ঘোষণাক যেন প্ৰত্যাহ্বান জনাইছে নিজ সমষ্টিৰ এজন আই জি পিয়ে । আৰক্ষী কনিষ্টবলক নিজ কামত খটুৱাৰ বিৰুদ্ধে সকিয়নি পায়ো যেন গা নলৰিল আই জি পি প্ৰশান্ত সাগৰ চাংমাইৰ । উত্তৰ গুৱাহাটী মান্দাকাটা বেটালিয়ন কেম্পৰ গাতে আই জি পি প্ৰশান্ত সাগৰ চাংমাই খুলিছে ইডেন পাৰ্ক নামৰ এখন ৰিজ’ট । হাতত ক্ষমতাৰ চাবি কাঠি থকা বাবেই পাহাৰৰ ভুমি নিজৰ কৰি গঢ়ি তুলিছিল ইডেন পাৰ্ক ৰিজ’ৰ্ট । আৰু এই ইডেন পাৰ্কত বেটালিয়নৰ হতুৱাই কৰি আহিছে কাম । পাৰ্কলৈ যোৱা পথ মেৰামতিত ব্যৱহাৰ কৰিছে আৰক্ষীৰ লোক । পিছে সংবাদ মাধ্যমৰ কেমেৰা দেখি চৰকাৰী কৰ্মচাৰীৰ থৰকাচুটি হেৰাল । সংবাদ মাধ্যমৰ কেমেৰা বন্ধ কৰাৰ বাবে বাৰে বাৰে চোচা এই গৰাকী লোকৰ । আৰক্ষীৰ লোক বুলি স্বীকাৰ কৰা লোকজনে কথা সলালে ততমুহুৰ্তে । উল্লেখ্য যে ইয়াৰ পুৰ্বেও প্ৰশান্ত সাগৰ চাংমাই ক্ষমতাৰ অপব্যৱহাৰেৰে বেটালিয়ন নিজ ফ্ৰামত লগোৱা বাতৰি সংবাদ মাধ্যমত পৰিবেশন হৈছিল । কিন্তু, ক্ষমতাশালী লোকৰ বিছাৰ কৰিবৰ সাহস নহল কোনো এজনৰ। এতিয়া জালুকবাৰী সমষ্টিৰ বিধায়ক তথা গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰী গৰাকীয়ে এই গৰাকী বিষয়াৰ ওপৰত কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে সেয়া হ’ব সময়ত লক্ষনীয়।