নিউজ ডেক্সঃচলিত বৰ্ষৰ শেষৰ ফালে ছত্তীশগড় আৰু মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।ভোটগ্ৰহণৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু তাৰ পূৰ্বে বিজেপিয়ে মধ্যপ্ৰদেশ আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।বৃহস্পতিবাৰে ৰাজ্য দুখনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰা হয়। তাৰ ভিতৰত আছে লোকসভাৰ সাংসদ বিজয় বাঘেলৰ নাম। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ সমষ্টি পট্টনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ছত্তীশগড় বিধানসভাৰ আসনৰ সংখ্যা ৯০খন। আজিৰ দিনটোতে ২১টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে। আনহাতে, মধ্যপ্ৰদেশৰ ২৩০টা বিধানসভা সমষ্টিৰ ভিতৰত ৩৯টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে।প্ৰসংগক্ৰমে বুধবাৰে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তাত উপস্থিত আছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংও উপস্থিত থাকে। এই বৈঠকত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাও উপস্থিত থাকে। সূত্ৰৰ পৰা জানিব পৰা মতে, বিজেপি দূৰ্বল আৰু যোৱাবাৰ পৰাজিত হোৱা আসনৰ বাবে প্ৰাৰ্থী বাছনি কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল। এই আসনসমূহ কেনেকৈ জয়ী হোৱাৰ সম্ভাৱনা আছে, এই আসনসমূহত কাক মনোনীত কৰিব পাৰি – এইবোৰ আলোচনা কৰা হৈছে। দুয়োখন বৈঠকতে স্থানীয় নেতাসকলৰ পৰাও ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত বিতং তথ্য লোৱা হয়। এই বৈঠকৰ পিছদিনা বিজেপিয়ে ৰাজ্য দুখনৰ প্রার্থীৰ প্রথম তালিকা প্রকাশ কৰে৷ প্ৰাৰ্থী তালিকাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নাম।