গুৱাহাটী,১৮ আগষ্টঃ ৰাজ্যত শেহীয়াভাৱে উন্মোচিত হোৱা বৃহৎ চাকৰিৰ বজাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে ৰাজ্যিক বিজেপিৰ মুখ্যালয় বাজপেয়ী ভৱনৰ পৰাই পৰিচালিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে। আজি এখন সংবাদ মেলৰ আয়োজন কৰি দলৰ দুই মুখপাত্ৰ জিয়াউৰ ৰহমান আৰু অমিতাভ বৰঠাকুৰে কয় যে সততে বিজেপিৰ নেতাসকলে দুৰ্নীতিবিৰোধী নীতিনিষ্ঠ কথা আওৰালেও প্ৰকৃততে বিজেপি দল আকণ্ঠ দুৰ্নীতিত নিমজ্জিত হৈ আছে। বিজেপিৰ খোদ প্ৰাক্তন সভাপতিয়ে দলৰ ভিতৰচ’ৰা দালালেৰে ভৰ্তি হৈ পৰা বুলি ৰাজহুৱাকৈ মতামত ব্যক্ত কৰাৰ প্ৰসংগ উনুকিয়াই জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে দুৰ্নীতিত লুতুৰি-পুতুৰি হৈ থকা বিজেপি দলৰ নেতাসকলে এতিয়া আৰু ৰাইজক নীতি শিক্ষা দিয়াটো শোভা নাপায়। নেতাদ্বয়ে ২০১৬ চনত বিজেপি ক্ষমতালৈ অহাৰ পৰা বৰ্তমানলৈ যিমান চৰকাৰী চাকৰিৰ পৰীক্ষা হৈছে, সকলোতে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি কয় যে এ পি এছ চিৰ উপৰি এছ আই কেলেংকাৰী, এপিডিচি এলৰ চাকৰি কেলেংকাৰী, জলসিঞ্চন বিভাগৰ চাকৰিৰ কেলেংকাৰী, বন বিভাগৰ কনিষ্ঠ সহায়ক পদৰ চাকৰিত অনিয়ম, কৃষি উন্নয়ন বিষয়া নিযুক্তি আৰু পঞ্চায়ত তথা গ্ৰামোন্নয়ন বিভাগৰ চাকৰিত অনিয়ম – যিমান চাকৰিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল, প্ৰতিটোতে দুৰ্নীতি-অনিয়ম হৈছে৷ উক্ত অনিয়মবোৰ থাৰ্ড পাৰ্টী এজেন্সিৰ জৰিয়তে পৰীক্ষা পতাৰ কাৰণে সংগঠিত হৈছিল৷ সেয়ে তেতিয়াৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নেতৃত্বত ৰাজ্যৰ পাঁচখন ৰাজহুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আৰু পঞ্জীয়কসকলক লৈ এখন হাই প্ৰ’ফাইল সভা অনুষ্ঠিত কৰি পৰৱৰ্তী কালত সকলো চৰকাৰী চাকৰিৰ পৰীক্ষা উক্ত বিশ্ববিদ্যালয়সমূহে অনুষ্ঠিত কৰিব বুলি সিদ্ধান্ত লোৱা হৈছিল৷ সেই অনুসৰি বিশ্ব বিদ্যালয়সমূহক পৰীক্ষা পাতিবলৈ বিভাগসমূহ ভাগ কৰি দায়িত্বও দিয়া হৈছিল৷ কিন্তু হঠাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উক্ত সিদ্ধান্ত বাতিল কৰি পৰীক্ষাৰ দায়িত্ব দিয়া হয় ‘ছেবা’ক৷ এই সন্দৰ্ভত নেতাদ্বয়ে কয় যে ছেবাই আজিলৈকে নিজৰ মেট্ৰিক পৰীক্ষাটোকে সুকলমে পাতিব পৰা নাই৷ প্ৰতি বছৰে ছেবাৰ পৰীক্ষাত খেলিমেলি হয়৷ ছেবাৰ উত্তৰবহী গৰুৱে খোৱাৰো উদাহৰণ আছে৷ সেই ছেবাক দায়িত্ব দিয়াৰ আঁৰৰ উদ্দেশ্য সন্দেহজনক। তেওঁলোকে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ ১০ মে’ৰ ভিতৰত গণি গণি যি একলাখ চাকৰি দিম বুলি অসম বিধানসভাৰ মজিয়াত ফিতাহি মাৰিছিল, তাৰে কিমান চাকৰি দিলে সেয়া স্পষ্ট নহয়৷ উক্ত চাকৰিসমূহৰ পৰীক্ষা পতা পদ্ধতি মুঠেই নিখুঁত আৰু সন্দেহৰ ঊৰ্দ্ধত নহয়৷ কিয়নো পৰীক্ষাৰ্থীসকলে কিমান নম্বৰ পালে, সেয়া গোপন কৰা হ’ল৷ আনকি আৰ টি আইৰ জৰিয়তে আৱেদন কৰিও প্ৰাৰ্থীসকলে নিজৰ নম্বৰ জানিব নোৱাৰিলে৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে পৰীক্ষা পতা আৰু চাকৰি দিয়াত খেলিমেলি আছে আৰু উক্ত খেলিমেলি দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সংঘটিত হৈছে। তেওঁলোকে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে এক লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰতি দিলেও এতিয়ালৈকে প্ৰকৃততে কিমান পদত নিযুক্তি হ’ল সেয়া স্পষ্ট নহয়৷ স্বয়ং মুখ্যমন্ত্ৰীয়েই সময়ে সময়ে বিভিন্ন সংখ্যা কৈ আহিছে৷ অ’ভাৰলেপিং হোৱা পদসমূহত নিযুক্ত পোৱাসকলক বাদ দিলে প্ৰকৃততে চাকৰি পোৱা লোকৰ সংখ্যা ২৫ হাজা মানহে হ’বগৈ বুলি উল্লেখ কৰি তেওঁলোকে কয় যে এজন ব্যক্তিয়ে ৩১টালৈকে পদত নিযুক্তি পোৱাৰ উদাহৰণ আছে৷ ব্যক্তিজনে এটা পদত যোগ দিয়াৰ পাছত বাকী ৩০টা পদৰ কি হ’ল, সেয়া অস্পষ্ট। জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে এফালে পদৰ সংখ্যাক লৈ চৰকাৰে ৰাইজক ফাঁকি দিছে আনহাতে চাকৰিৰ বজাৰক উৎসাহিত কৰিছে – এই কথা লুকাই থকা নাই৷ তেওঁলোকে ২০১৭ চনত নিযুক্তিপ্ৰাপ্ত কৃষি উন্নয়ন বিষয়াৰ ৩৪টা পদৰ প্ৰসংগ উল্লেখ কৰি কয় উক্ত নিযুক্তিত হোৱা দুৰ্নীতিৰ বাবে ভঙাগড় থানাত গোচৰ (নং ১৫৯/১৭) ৰুজু হৈছিল৷ এজনক গ্ৰেপ্তাৰ কৰা হৈছিল৷ ২০২১ চনত উক্ত গোচৰৰ চাৰ্জশ্বীট দাখিল কৰা হয় য’ত বাকী ৩৩ গৰাকীকো অভিযুক্ত কৰা হয়৷ কিন্তু আশ্চৰ্যজনকভাৱে ৩৩ জনে বহাল তবিয়তে চৰকাৰী চাকৰি কৰি আছে৷ চাৰ্জশ্বীটৰ ১২ নম্বৰত নাম থকা জ্যোতিৰেখা হাজৰিকাক যোৱা বছৰ উৎকোচ লোৱাৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল৷ তাৰ মানে দুৰ্নীতিৰে চাকৰি পোৱা এইসকলে চাকৰি পায়ো দুৰ্নীতিত নিমজ্জিত হৈছে৷ স্বয়ং দিছপুৰৰ পৃষ্ঠপোষকতাত মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে যে চাকৰিৰ বজাৰ অব্যাহত আছে, এইবোৰেই ইয়াৰ প্ৰমাণ বুলি তেওঁলোকে মত প্ৰকাশ কৰে।
Home অসম আৰু উত্তৰপূব মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে বাজেপয়ী ভৱনৰ ছত্ৰছায়াত ৰাজ্যত চলিছে চাকৰিৰ বজাৰ : এজেপি