বৰপেটা,২৬ আগষ্ট: অসমত শেহতীয়াভাবে দ্ৰুতগতিত লাভ জেহাদৰ ঘটনা বৃদ্ধি পোৱাত গম্ভীৰ উদ্বেগ প্ৰকাশ কৰিছে হিন্দু সুৰক্ষা সেনা,অসমে ৷ আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰি সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গোপাল মণ্ডলে কয় যে যি সময়ত কেন্দ্ৰীয় চৰকাৰে সংসদত লাভ জেহাদ বিৰোধী কঠোৰ আইন প্ৰণয়ন কৰিছে, সেই সময়তে অসমত দৈনিক এটাৰ পিছত আন এটাকৈ লাভ জেহাদৰ ঘটনা সংগঠিত হৈ আছে,যিবোৰ ঘটনাৰ বলি হৈছে হিন্দু মহিলা ৷ এই ঘটনা সমূহৰ ক্ষেত্ৰত প্ৰায়ে প্ৰশাসনেও শিখিল মনোভাৱ প্ৰদৰ্শন কৰে বুলি অভিযোগ কৰে ৷ লগতে সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন নাথে কয় যে অসমত সম্প্ৰতি লাভ জেহাদৰ বাবে হিন্দু মহিলাৰ জীৱন আৰু সতীত্বই বিপিন্ন হৈ পৰিছে আৰু গৃহভূমিতেই খিলঞ্জীয়া মহিলাই অসুৰক্ষিত অনুভৱ কৰিব লগা হৈছে। নাথে কয় যে দৰাচলতে বিজেপি চৰকাৰৰ মুছলিম তোষণ নীতিৰ পৰিণতিতে এতিয়া জেহাদী অপশক্তিৰ দু:সাহক বাঢ়িছে আৰু খিলঞ্জীয়া জীৱনক লৈ হেতালি খেলিব লৈছে ৷ এনে পৰিস্থিতিৰ অবসান নঘটিলে হিন্দু সমাজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ব বুলি সঁকিয়াই দি নেতাগৰাকীয়ে কয় যে কেবল হিন্দুৰ ভোটেৰে গঠিত বিজেপি চৰকাৰখনে হিন্দুৰ সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ক ৷