লখিমপুৰ, ৫ অক্টোবৰ — লখিমপুৰ জিলাৰ সৈতে নদী দ্বীপ মাজুলীক পোনপটীয়াকৈ সংযোগ ঘটাব.লৈ অসম চৰকাৰে মাজুলীৰ বালিচাপৰিৰ পৰা ধুনাগুৰি হৈ লখিমপুৰৰ বঙালমৰাত সংযোগ ঘটাকৈ অসমমালা আঁচনিৰ অধীনত ৬৯৪.৭৭ কোটি টকা আৱণ্টন দিয়া পথটোৰ নিৰ্মাণকাৰ্য চলাবলৈ গৈ পথ নিৰ্মাণকাৰী সংস্থা এছ পি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে ব্যাপক দুৰ্নীতি-অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ লখিমপুৰ জিলা বন বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰে গোপন বুজাবুজি কৰি চৰকাৰী ৰাজহ ফাঁকিৰে বে-আইনীভাৱে এই নিৰ্মাণকাৰী সংস্থাটোৱে নদীৰ পৰা শিল-বালি আহৰণ কৰি ধুনাগুৰি ঘাটৰ সমীপৱৰ্তী সংস্থাটোৰ অস্থায়ী কাৰ্যালয়ৰ কাষত দ’মে-দ’মে মজুত কৰি ৰাখিছে। আমাৰ হাতত পৰা তথ্যমতে, চৰকাৰী কোনো ধৰণৰ অনুমতি নোলোৱাকৈয়ে সংস্থাটোৱে কেৱল লখিমপুৰৰ বন প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰী আৰু হাৰমতীৰ আঞ্চলিক বন বিষয়া গুণজিৎ মজুমদাৰৰ লগত গোপন বুজাবুজি কৰি চালান অবিহনেই সংস্থাটোৰ ধুনাগুৰি ঘাটস্থিত অস্থায়ী কাৰ্যালয়টোৰ চৌহদত হেজাৰ হেজাৰ চি এম শিল-বালি মজুত কৰি ৰখাৰ সাহস লাভ কৰিছে। আনহাতে পথটো পূৰ্বতকৈ বহল আকাৰত নিৰ্মাণ কৰিবলৈ গৈ সংস্থাটোৱে পথৰ দাঁতিত পূৰ্বতে থকা গছসমূহ কাটোতে ইয়াৰ দাঁতিত ঘৰ-দোকান থকা স্থানীয় লোকসকলক কোনো ধৰণৰ আগজাননী নিদিয়াকৈয়ে জধে-মধে এফালৰ পৰা গছবোৰ কাটি যোৱাত একাংশ পৰিয়াল বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে যদিও এনে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সংস্থাটোৱে কোনো ক্ষতিপূৰণ আদায় নিদিয়াৰো অভিযোগ উঠিছে। উল্লেখ্য যে, একাংশ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আজি লখিমপুৰৰ এটা সাংবাদিকৰ দলে গৈ সংস্থাটোৰ ধুনাগুৰিস্থিত অস্থায়ী কাৰ্যালয়টোত সংস্থাটোৱে গছ কটাৰ ফলত গছ পৰি ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ তালিকা বিচৰাত তেওঁলোকৰ হাতত তেনে ধৰণৰ কোনো তালিকাই নাই বুলিহে জানিবলৈ দিয়ে। একেদৰে সংস্থাটোৰ প্ৰকল্প পৰিচালকগৰাকীক তেওঁলোকে দ’মে-দ’মে শিল-বালি মজুত কৰি ৰাখিবৰ বাবে চৰকাৰীভাৱে বন বিভাগৰ পৰা ল’বলগা অনুমতি পত্ৰখন বিচৰাত সেই সন্দৰ্ভত লখিমপুৰৰ বন প্ৰাধিকাৰীগৰাকী আৰু হাৰমতীৰ আঞ্চলিক বন বিষয়াগৰাকীয়েহে জানে বুলি কয়। একেদৰে সংস্থাটোৱে হেজাৰ হেজাৰ চি এম শিল-বালি মজুত কৰি ৰাখিছে যদিও এই মজুত ৰখা শিল-বালিৰ বিপৰীতে তেওঁলোকে এখনো চালান দেখুৱাবলৈ সক্ষম নহ’ল। ৰহস্যজনক কথা যে, যি সময়ত লখিমপুৰৰ ৰঙানদীস্থিত কিমিন শিল-বালিৰ কোৱেৰীটো সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পৰাহেতুকে লখিমপুৰৰ বন বিভাগে শিল-বালিৰ আহৰণ বন্ধ কৰি ৰাখিছে তেনে এক সময়ত কিন্তু এছ পি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষই উক্ত কোৱেৰীটোৰ পৰাই তেওঁলোকে পথটোৰ লগতে দলং নিৰ্মাণত লাগতিয়াল বল্ডাৰ আহৰণ কৰাৰ তথ্য দাঙি ধৰাৰ লগতে এই বল্ডাৰ বন বিভাগৰ বিষয়া-কৰ্মীৰ সহযোগিতাতে লাভ কৰা বুলি জানিবলৈ দিছে। তাৎপৰ্যপূৰ্ণ কথা যে, কিমিন অঞ্চলৰ অধিকাংশ বল্ডাৰেই গেদীয় তথা ঠুনুকা আকৃতিৰ। এনে পৰিস্থিতিত লখিমপুৰৰ বন প্ৰাধিকাৰী অশোক কুমাৰ দেৱচৌধুৰীয়ে ইতিমধ্যে কাগজে-পত্ৰই বন্ধ হৈ থকা কিমিন কোৱেৰীৰ পৰা এনে নিম্নমানৰ বল্ডাৰ আহৰণ কৰি পথটোৰ লগতে দলং নিৰ্মাণত ব্যৱহাৰৰ বাবে কি ভিত্তিত আহৰণৰ অনুমতি প্ৰদান কৰিলে সেয়া অতি ৰহস্যজনক বিষয়ৰূপেহে চৰ্চিত হৈছে। (ফটো আছে)।
Home অসম আৰু উত্তৰপূব লখিমপুৰ-মাজুলী সংযোগী ধুনাগুৰিৰ পথ নিৰ্মাণত গুৰুতৰ অনিয়ম বন বিভাগৰ সহযোগিতাত নিৰ্মাণকাৰী সংস্থাই...










