গুৱাহাটী,১১অক্টোবৰ: পৃথিৱীজুৰী ক’ভিডৰ বিভীষিকাময় ক্ষণৰ কথা পৃথিৱীৰ প্ৰায় গৰিষ্ঠ সংখ্যক লোকেই পাহৰিব পৰা নাই। এনে এক জটিল ক্ষণত অসমৰ একাংশ লোকে অসম চৰকাৰৰ তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় চিকিৎসালয় সমূহত চাফাই কৰ্মী হিচাপে যোগদান কৰে। ক’ভিড কালত প্ৰথম শাৰীৰ যোদ্ধা হিচাপে পৰিগণিত হোৱা এই চাফাই কৰ্মী সকলে বৰ্তমান পৰ্যন্ত চৰকাৰৰ তৰফৰ পৰা কোনো যোগাত্মক সঁহাৰি লাভ নকৰাত তেওঁলোকৰ প্ৰাপ্যৰ দাবীত অলপতে অনশনৰ জড়িয়তে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত অনশন কাৰ্যসূচী ভঙ্গ কৰায় বিশিষ্ট চিন্তাবিদ, আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। আজি বিয়লি পুনৰ চাফাই কৰ্মীৰ প্ৰতিনিধি দলে ডঃ দিব্যজ্যোতি শইকীয়াক সাক্ষাত কৰে। সাক্ষাৎকালত প্ৰতিনিধি দলটিয়ে ডঃ শইকীয়াক তেওঁলোকৰ বিভিন্ন অসুবিধা আৰু চাকৰি নিয়মীয়া কৰণৰ সন্দৰ্ভত বিতংকৈ অৱগত কৰে। তেওঁলোকে কয় যে চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমাক দিয়ে যদিও তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণ তথা স্থায়ীকৰনৰ প্ৰতিশ্ৰুতি বাৰম্বাৰ ভঙ্গ কৰি আহিছে। সেয়ে বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই বিষয়টো চৰকাৰক হেঁচা প্ৰয়োগ কৰি হলেও তেওঁলোকৰ সমস্যা সমূহ সমাধা কৰিবলৈ অনুৰোধ জনায়।