নিউজ ডেক্সঃদিনক দিনে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। শেষৰটো উপলব্ধ তথ্য অনুসৰি ইজৰাইলত মৃতকৰ সংখ্যা ৯০০, গাজাত ৬৯০ জনলৈ বৃদ্ধি পাইছে। আনহাতে ইজৰাইলে জনাইছে যে ১৫০০ হামাছ উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুয়োখন দেশে প্ৰতিশোধৰ নতুন বাৰ্তা দিছে। ইজৰাইলে কয় যে তেওঁলোকে এই যুদ্ধ আৰম্ভ কৰা নাই, কিন্তু ইয়াৰ অন্ত পেলাব। সোমবাৰে ঘোষণা কৰা গাজাৰ সম্পূৰ্ণ অৱৰোধৰ কথাও কয় যে মঙলবাৰৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। আনহাতে, প্ৰতিশোধৰ স্বাৰ্থত পণবন্দীক হত্যা কৰা হ’ব বুলি সকীয়াই দিছে হামাছে। আনহাতে, জনা গৈছে যে হামাছৰ আক্ৰমণত কমেও ৯ জন আমেৰিকান নাগৰিকৰ মৃত্যু হৈছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেট মিলাৰে সোমবাৰে পুৱা স্থানীয় সময় অনুসৰি এই তথ্য নিশ্চিত কৰে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে, ‘মই নিশ্চিত কৰিব পাৰো যে এই ভয়ানক আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে ৯ জন আমেৰিকান লোকৰ প্ৰাণ হেৰুৱাইছে।’ এই আক্ৰমণত ১০ জন ব্ৰিটিছ নাগৰিকৰো মৃত্যুৰ আশংকা কৰা হৈছে। কিছুমান দেশে এই কঠিন যুদ্ধ পৰিস্থিতিত ইজৰাইলৰ সৈতে বিমান পৰিবহণ হ্ৰাস কৰিছে। টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰত আমেৰিকান এয়াৰলাইন্স, এয়াৰ কানাডা, এয়াৰ ফ্ৰান্স, ডেল্টা এয়াৰ লাইনছ, ইজিপ্তএয়াৰ, এমিৰেটছ, ফিনলেণ্ডৰ ফিনেয়াৰ, ডাচ কেৰিয়াৰ কে এল এম, জাৰ্মানীৰ লুফথানছা, নৰৱেজিয়ান এয়াৰ, পৰ্তুগালৰ টেপ, পোলেণ্ডৰ কেৰিয়াৰ এল অ’ টি, ৰিয়ান এয়াৰ আৰু ইউনাইটেড এয়াৰলাইন্স বিমান বাতিল কৰা বা বিমানৰ সংখ্যা হ্ৰাস কৰা। আনহাতে ৰাছিয়াই ইজৰাইললৈ নিশাৰ বিমান সেৱা নিষিদ্ধ কৰিছে।