লখিমপুৰ, ১৬ অক্টোবৰ, আজি লখিমপুৰ
জিলা প্ৰশাসনৰ উদ্যোগত ত্যাগ ক্ষেত্ৰত আয়োজিত অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ ৰ তৃতীয় পৰ্যায়ৰ অধীনত হিতাধিকাৰীসকলৰ মাজত ঋণ পৰিশোধৰ প্ৰমাণ পত্ৰ প্ৰদানৰ কাৰ্যসূচীত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনিজ আৰু খনিজাত পদাৰ্থ বিভাগ তথা পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মোহনে কাৰ্যসূচীত অংশ গ্ৰহন কৰে। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৯খন ঋণ পৰিশোধ প্ৰমাণ পত্ৰ ৯ গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটিত উপস্থিত থকা মহিলা সকলক আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰে। তেওঁলোকক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান ৰাজ্য চৰকাৰখনে মহিলা সবলীকৰণৰ বাবে কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিসমূহৰ সুফল গ্ৰহণ কৰি তাক সদব্যৱহাৰ কৰিবলৈ মন্ত্রীগৰাকীয়ে মহিলা সকলক আহ্বান জনায়। তেওঁ পুনৰ কয় যে এখন সমাজ বা এটা জাতিৰ উত্তৰণত মহিলা সকলৰ সক্রিয় ভূমিকা প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। সমাজ এখন শুদ্ধ পথেৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত মহিলা সকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। প্ৰসংগক্ৰমে, মন্ত্ৰী গৰাকীয়ে অমৃত বৃক্ষ আন্দোলন, অমৃত কলহ যাত্ৰা, খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম আদি বিজেপি দলৰ ৰাজনৈতিক মুনাফা সম্বলিত বিষয়ৰ ওপৰতো বক্তব্য আগবঢ়ায়। জিলা প্ৰশাসনৰ জেষ্ঠ্য সহায়িকা জুনুমা কোঁচে আঁত ধৰা অনুষ্ঠানটিত জিলা আয়ুক্ত সুমিত সত্তাৱানে আদৰনি ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত তেখেতে জানিবলৈ দিয়ে যে লখিমপুৰ জিলাত মুঠ ১১,৪২৬ গৰাকী হিতাধিকাৰীয়ে চৰকাৰৰ পৰা এই ঋণ পৰিশোধ প্ৰমাণ পত্ৰ লাভ কৰিব। ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে ভাষণত কয় যে বৰ্তমানৰ চৰকাৰখনৰ কাৰ্য কালত মহিলা সকল আত্ম নিৰ্ভৰশীল আৰু স্বাৱলম্বী হব পাৰিছে। মহিলা সকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে চৰকাৰখনে কাম কৰি আছে বুলিও তেখেতে মন্তব্য কৰে । উক্ত সভাত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীয়ে মহিলা সকলক সৃষ্টিশীল আৰু উৎপাদনমুখী কামত নিজকে নিয়োগ কৰিবলৈ আৰু সমৃদ্ধিশালী লক্ষীমপুৰ তথা অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবহাবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্রী মঞ্জু বৰগোঁহাই, উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি নিবেনীতা দত্ত, অতিৰিক্ত আয়ুক্ত সুলক্ষণা বৰপাত্ৰগোহাঁই, উত্তৰ লখিমপুৰ পৌৰসভাৰ জিলাৰ মূৰব্বী বিষয়াসকল, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা হিতাধিকাৰীসকল উপস্থিত থাকে।