লখিমপুৰ, ১৭ অক্টোবৰ ; লখিমপুৰৰ জনজাতীয় এলেকাত ৰাইজে আমাৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি দেখুৱাইছে । আমাক যি ধৰণে মৰম চেনেহ দিছে ,ৰাইজৰ দুখৰ কথাবোৰ খুলি কৈছে সেয়ে মই নিশ্চিত আহি থকা দিনত ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে । বিজেপিৰ ভষ্টাচাৰ ,অপশাসন ,দুৰ্নীতি স্বজন তোষণত ৰাইজ অতিষ্ঠ হৈছে । সেয়ে আজি ৰাইজ ওলাই আহিছে ।আজি লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভীমপৰাত কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী অংশ গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই । তেওঁ কয় বৰ্তমান সময়ত আপোনালোকে দেখিব এসময়ত যি সকলে লখিমপুৰত বিজেপিক প্ৰতিষ্ঠা কৰিছিল ,পদুম ফুলক লৈ নিৰ্বাচন খেলিছিল তেনে বহু লোকে অচিৰে কংগ্ৰেছত যোগদান কৰিব । সভাপতি গৰাকীয়ে বিজেপিক চোকা সমালোচনা কৰি কয় -অসমখনক বিজেপিয়ে জঙ্গলৰাজ বনাইছে । মাৰ্ঘেৰিটাৰ বিধায়কে দিন দুপৰতে লোকৰ ফেক্টৰী কাঢ়ি লোৱা, ঘটনা জানো জঙ্গলৰাজ নহয় ? কাৰ্বি আংলংলৈ গৈ যি এহেজাৰ বিঘা মাটি কিনি লৈছে সেয়া জঙ্গলৰাজ নহয় ? জঙ্গললৈ কোন গৈছে , সেয়ে এই বিজেপিৰ পৰা অসমখন মুক্ত কৰিব লাগিব । ৰাইজৰ হাতত ৰাজনৈতিক ক্ষমতা থাকিব লাগিব বুলি ৰাইজক কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় । কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচীত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ লগত ৰকিবুল হুছেইন, অপূর্ব ভট্টাচার্য, পদ্মলোচন দলেৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকী নেতা কৰ্মীৰ অংশগ্ৰহণ কৰে । উল্লেখ যে কংগ্ৰেছৰ এই কাৰ্যসূচীত মিছিং ৰাইজে গুমৰাগ নৃত্যৰে আদৰণি জনায় । ৰাইজৰ অভূতপূৰ্ব সহাৰিত কংগ্ৰেছ দলে আনন্দিত হয় ৰিবি গাচেং বিতৰ্কত নাম সাঙুৰ খাই পৰা ভূপেন বৰাই অৱশেষত মিচিং জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে । লক্ষীমপুৰ ধেমাজিত চাঙে চাঙে লোৱা কংগ্ৰেছৰ যাত্ৰাই দলীয় কৰ্মী নেতা সকলৰ উৎসাহ বহাইছে ।আজি লখিমপুৰ সমষ্টিৰ ভীমপৰা, গৈৰৈমাৰি অঞ্চলত, দিন যোৱা কাৰ্যসূচীৰে আৰম্ভ কৰে এই যাত্রা।