লখিমপুৰ,২৩ অক্টোবৰ ; এছ পি আনন্দ মিশ্ৰৰ মূৰৰ কামোৰণি এগৰাকী ফেচবুক সাংবাদিক।আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ফেচবুক সাংবাদিকক খেদি-খেদি ধৰিলে আৰক্ষীয়ে।লখিমপুৰৰ লালুক আৰক্ষীৰ জালত পৰিল আব্দুল কালাম নামৰ ভুৱা সাংবাদিক।এছ পি , ডি এছ পি আৰু আৰক্ষীৰ নাম লৈ ব্যাপক দালালিত নামিছিল যুৱকজন।এটা ফেছবুক পেজ খুলি লৈ নিজকে সাংবাদিক পৰিচয় দি দীৰ্ঘদিনে চলাই আহিছিল সন্ত্ৰাস।ধৰ্ষণৰ গোচৰ এটাত আৰক্ষীৰ নামত ধন লৈ কৰিছিল মীমাংসা। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কেবাদিনো ধৰি আব্দুল কালামক বিচাৰি চলাইছিল অভিযান।নিশা ৰেলযোগে গোপনে পলায়নৰ চেষ্টা কৰোতেই হাৰমতি ৰেলৱে’ ষ্টেচনত খেদি-খেদি ধৰিলে আৰক্ষীয়ে। ধৃত আব্দুল কালাম সহ আন এটা দালাল আতিকুল ইছলাম।আৰক্ষীয়ে জব্দ কৰিছে এখন বাহন, আটক কৰিছে বাহন চালককো। পূৰ্বেও আৰক্ষীৰ নামত ধন লৈ জেললৈ গৈছিল আব্দুল কালাম।ধন আনিবলৈ গৈ পৰিছিল ৰাইজৰ ৰোষত।ৰাইজে কৰায়ত্ত কৰি চমজাইছিল আৰক্ষীক।ইয়াৰ পিছতো সংশোধন নহ’ল যুৱকজন।. তেওঁৰ বিৰুদ্ধে 387/506/34 IPC ত লালুক আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰি পুনৰ বিচাৰিছে নিজৰ জিম্মাত।










