লখিমপুৰ, ৯ নৱেম্বৰ ঃ লখিমপুৰ জিলাৰ বঙালমৰাত এতিয়া ধাননি পথাৰত শূৰ পোকৰ আক্ৰমণত শ শ হেক্টৰ ধান খেতি নষ্ট হ’ব ধৰিছে৷ বিশেষকৈ বঙালমৰাৰ কাড়ি পুখুৰী অঞ্চলৰ কেইবাখনো পথাৰত এই পোক বিধে পকা ধাননিত ব্যাপক অনিষ্ট সাধন কৰাত কৃষকসকল কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে৷ ফলত কৃষকসকলে এতিয়া ঈশ্বৰৰ ওপৰতে সকলো ভৰষা এৰি দিয়াৰ লগতে আগন্তুক বছৰত কি খাই জীয়াই থাকিব তাক লৈ চিন্তিত হৈ পৰিছে৷ লক্ষণীয় কথা যে, এই পোক বিধে ধানৰ থোক সমূহ কূটি তললৈ পেলাই দিয়ে আৰু এনেদৰে ইখন পথাৰৰ পৰা সিখন পথাৰলৈ হাজাৰ হাজাৰ শূৰ পোকৰ আগমন ঘটাত কৃষকসকলে মূৰে-কপালে হাত দিব লগা হৈছে৷ জিলা কৃষি বিভাগক বিষয়টো সন্দৰ্ভত অৱগত কৰাৰ পিছতো জিলা কৃষি বিভাগে কৃষকসকলক কোনো সকাহ দিব পৰা নাই৷ মঙ্গলবাৰে এনে স্থানত লখিমপুৰ জিলা কৃষি বিষয়া গৰাকী উপস্থিত হৈ বিষয়টো পৰ্যবেক্ষণ কৰে যদিও তেওঁ কোনো সমাধান সূত্ৰ দিব নোৱৰিলে৷ কেৱল কেঁচা ধানত ঔষধ চটিওৱাৰ পৰামৰ্শ দিয়াৰ বিপৰীতে কৃষি বিভাগৰ ফালৰ পৰা ৩০ লিটাৰমান ঔষধ যোগান ধৰে যদিও এই ঔষধ স্প্ৰে কৰিবলৈ কৃষকসকলৰ যাৱতীয় স্প্ৰে মেচিন নথকাৰ বাবে কৃষকসকল সমস্যাত পৰিছে৷ আজি জিলা কৃষি বিষয়া ভৱজিৎ দলে এই সন্দৰ্ভত কয় যে-পকা ধাননিত ৰাসায়নিক ঔষধ প্ৰয়োগ কৰাটো সম্ভৱ নহয় আৰু সেয়ে বিষয়টো সমাধানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে৷ তদুপৰি দ্ৰোণ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা থকাৰ বাবে সেই কামো কৰিব পৰা নাই বুলি কয়৷ সেয়ে কেঁচা হৈ থকা ধাননি সমূহত ৰাসায়নিক ঔষধ প্ৰয়োগৰ ওপৰতহে তেওঁ পৰামৰ্শ আগবঢ়ায়৷ উল্লেখনীয় কথা যে এই পোক সমূহে দিনৰ ভাগত নৰাৰ গুৰিত লুকাই থকাৰ বিপৰীতে সন্ধিয়া হ’লেই পুনৰ জাক জাক শূৰ পোকে পকা ধানৰ থোক খাবলৈ ওলাই আহে৷ যাৰ বাবে কৃষকসকলে এই শূৰ পোকৰ উপদ্ৰৱ ৰোধ কৰাত এক প্ৰকাৰে ব্যৰ্থ হৈ এতিয়া ঈশ্বৰৰ ওপৰতে সকলো এৰি দিছে৷