লখিমপুৰ, ৯ নৱেম্বৰ ; ৰাজ্যৰ ১৩টা বিৰোধী দলৰ ঐক্যমঞ্চই উমৈহতীয়া এজেণ্ডাৰ জড়িয়তে এইবাৰ ঘৰীয়ালৰূপী, অক্টোপাছৰুপী বিজেপিক পৰাস্ত কৰাৰ বাবে ঐক্যবদ্ধ ভাবে কাম কৰি বিজেপিক উৎখাট কৰিব লাগিব । বৰ্তমান বিজেপিৰ নেতা সকল পানী নোহোৱা পুখুৰীৰ মাছ। পুখুৰীত পানী শুকাই গলে মাছে যি দৰে চটফটাই থাকে বিজেপি নেতাৰো এতিয়া তেনে অৱস্থা হৈছে । সম্প্ৰতি জন সমৰ্থন নোহোৱা হৈ পৰাত বিজেপি নেতাই চটফটাব ধৰিছে। কংগ্রেছ সহ বিৰোধী শিবিৰৰ শক্তিৰ উমান পাই তেওঁলোকে ভয় খাইছে।
সেয়ে চৰকাৰী বাহিনী লগাই কংগ্রেছৰ কাৰ্য্যসূচী ব্যৰ্থ কৰাৰ প্ৰয়াস কৰিছে। আজি লখিমপুৰত এই মন্তব্য কৰিছে প্ৰদেশ কংগ্রেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ।লখিমপুৰ জিলা যুৱ কংগ্রেছে আয়োজন কৰা য়ুথ জোৰো যাত্ৰা” কাৰ্যসূচীত এক পদযাত্রাত অংশগ্রহণ কৰি ৰানা গোস্বামীয়ে এইদৰে মন্তব্য কৰি বিজেপিক চোকা সমালোচনা কৰে । বিশেষকৈ যুৱ কংগ্রেছৰ এই পদযাত্রা কাৰ্যসূচীত অংশগ্রহণৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কংগ্রেছ কৰ্মী সকল অহা যান বাহন সমুহ আৰক্ষী,পৰিবহণ বিভাগে বাটতে ৰখাই দিয়া বুলি অভিযোগ তুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে কয় – যান বাহনৰ তালাচী চলোৱাত আমাৰ আপত্তি নাই। কিন্তু আজিৰ দিনটোত তেওঁ লোকৰ কাৰ্যসূচী ব্যৰ্থ কৰাৰ লক্ষ্যৰেহে চৌদিশে যান বাহনৰ তালাচী চলাবলৈ আৰক্ষী, পৰিবহণ বিভাগ জপিয়াই পৰে বুলি তেওঁ অভিযোগ তোলে। ওপৰৰ নিৰ্দেশত জিলাখনত এনেদৰে কংগ্রেছৰ কাৰ্যসূচী ব্যৰ্থ কৰাৰ পাং পতা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় – শাসকীয় দলে কৰবাত নহয় কৰবাত ভয় যে খাইছে সেইয়া ধুৰূপ । অসমত ১৩ টা বিৰোধী দলে মঞ্চ গঠন কৰিছে। এই মঞ্চই উমৈহতীয়া এজেণ্ডাৰ জৰিয়তে ঘৰিয়ালৰূপী, অক্টোপাচ ৰূপী বিজেপিক পৰাস্ত কৰাত একেলগে কাম কৰিব বুলি তেওঁ কয়। বিজেপি দল তথা
চৰকাৰক সমালোচনা কৰি তেওঁ কয় সম্প্ৰতি যুৱ সমাজ হতাশ হৈছে। চৰকাৰে তেওঁ লোকক বঞ্চনা কৰিছে। যাৰ বাবে শেহতীয়াকৈ বিভিন্ন মহাবিদ্যালয়ৰ নিৰ্বাচন সমুহত কংগ্রেছ ৰ ভাতৃ সংগঠন এনএছইউআইৰ বিজয় হৈছে। বিজেপি দলে তথা চৰকাৰে মহিলা সকলকো চূড়ান্ত প্ৰতাৰণা কৰিছে । অমৃত বৃক্ষ, অমৃত কলহৰ নামতো কৰা হৈছে প্ৰতাৰণা । ইফালে শাসকীয় দলৰ প্ৰতিশ্ৰুতি ভংগৰ বাবেই যুৱচামৰ অন্তৰত ক্ষোভৰ সৃষ্টি হৈছে। নিয়োগৰ নামত তেওঁ লোকক বঞ্চনা কৰা হৈছে। লাখ লাখ চাকৰি দিম বুলি কোৱা চৰকাৰ খনে এক লাখ চাকৰি দিবলৈও সক্ষম হোৱা নাই।এতিয়ালৈকে যিখিনি নিযুক্তি দিলে সেই খিনি কৰ্মচাৰীৰ অৱসৰ অথবা মৃত্যু হোৱাৰ বাবে খালি হোৱা পদতহে নিযুক্তি দিছে। নতুনকৈ এটা পদো সৃষ্টি কৰিব পৰা নাই চৰকাৰখনে। নতুন পদ সৃষ্টি কৰি চৰকাৰ খনে ঢাক ঢোল বজালে ভাল আছিল বুলি তেওঁ চৰকাৰ খনক কটাক্ষ কৰে। উল্লেখ্য যে আজি লখিমপুৰ নগৰৰ খেলমাটিৰ শিৱমন্দিৰৰ সমীপত সমবেত হৈ কংগ্রেছ কৰ্মী সকলে নগৰৰ মাজেৰে পদযাত্রা কৰি জিলা কংগ্রেছৰ কাৰ্যালয়ত অন্ত পেলায়। এই পদযাত্রাৰ কাৰ্য্যসূচীত ৰাণা গোস্বামীৰ উপৰি তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰা, অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি জুবেৰ আনম মজুমদাৰ, উপ সভাপতি ডেভিড ফুকন, সম্পাদিক সাগৰিকা বৰা, প্ৰত্যুষ দত্ত, প্ৰদেশ কংগ্রেছৰ মূখপাত্র বৰ্ণালী ফুকন, সম্পাদক জিন্তু হাজৰিকা ,জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহন , জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভৰত শইকীয়া , আদি নেতাই অংশ গ্ৰহণ কৰে।