হাওৰাঘাট ,১১ নৱেম্বৰ : যোৱা ৮ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ GM হাফলং চৰকাৰী মহাবিদ্যালয় আৰু ডন বস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৩১ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত কাৰ্বি আংলং জিলাৰ পৰা প্ৰকল্প প্ৰতিযোগিতা অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত শংকৰদেৱ বিদ্যা নিকেতন,হাওৰাঘাটৰ নৱম শ্ৰেনীৰ ছাত্ৰ স্পন্দন বৰগোহাঁইয়ে সমগ্ৰ জিলাখনৰ লগতে হাওৰাঘাটলৈ গৌৰৱ কঢ়িয়াই আনে। স্মৰ্তব্য যে ছাত্ৰজনে এইবছৰৰ মূল বিষয় স্বাস্থ্য আৰু সৰ্বাংগিন কুশলতাৰ বাবে পৰিস্থিতি তন্ত্ৰ বুজো আঁহা (Understanding Ecosystem for Health and welbeing) আধাৰত এটা প্ৰকল্প ”নতুন প্ৰযুক্তি উদ্ভাৱন আৰু পৰিৱেশৰ সমস্যাৰ সমাধানত ইয়াৰ ব্যৱহাৰ” শীৰ্ষক প্ৰকল্প উপস্থাপন কৰি ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হয়। হাওৰাঘাটৰ গৌৰৱ স্পন্দনৰ এই সফলতাই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ , হাওৰাঘাট খণ্ডৰ লগতে শংকৰদেৱ বিদ্যা নিকেতন হাওৰাঘাটৰ সমূহ আচায্য-আৰ্চায্যা আৰু শুভাকাংশী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে ছাত্ৰজনৰ উৎজ্বল ভৱিষ্যত কামনা কৰিছে
Home অসম আৰু উত্তৰপূব হাওৰাঘাটৰ শিশু বিজ্ঞানী স্পন্দন বৰগোহাঁই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত