লখিমপুৰ, ১০ নৱেম্বৰ ঃ আজি লখিমপুৰৰ সত্ৰ ন্যায়াধীশৰ আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দানৰ জৰিয়তে এজন লোকক ১২ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে৷ আদালতে দোষী সাব্যস্ত কৰা এই লোকজন হৈছে লালুকৰ ৰফিকুল ইছলাম ওৰফে ৰবিকুল৷ ঘটনাৰ বিৱৰণী অনুসৰি ২০২১ বৰ্ষৰ ১২ ডিচেম্বৰত ৰফিকুল ইছলামে তেওঁৰ পত্নী আৰু শাহুক শুই থকা অৱস্থাত মুখত এচিড ঢালি আক্ৰমণ কৰিছিল৷ লালুকৰ ৰফিকুল ইছলামে তেওঁৰ পত্নীক ঘৰলৈ যৌতুক দাবী কৰি খেদি দিয়াৰ পিছত পত্নীয়ে লখিমপুৰৰ ৰঙাজানত মাতৃ গৃহত আশ্ৰয় লৈ থকা অৱস্থাত সেই নিশা ৰফিকুলে লালুকৰ পৰা আহি ৰঙাজানত থকা শাহুৱেকৰ ঘৰত দুৱাৰ ভাঙি প্ৰৱেশ কৰি শাহু আৰু পত্নীক শুই থকা অৱস্থাত মুখমণ্ডলত এচিড ঢালি আক্ৰমণ কৰে৷ এই ঘটনাত ৰফিকুলৰ পত্নীৰ মুখমণ্ডল বেয়াকৈ দগ্ধ হয়৷ এই ঘটনাৰ পিছতে বাবুল আলি নামৰ লোকজনে লখিমপুৰ সদৰ থানাত ৰফিকুল ইছলামৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ সেইমৰ্মে উত্তৰ লখিমপুৰ সদৰ থানাৰ গোচৰ নং ৩২০/২১, ৩২৬ [এ], ৩২৫/৩২৩/৪৫৭ ভাৰতীয় দণ্ড বিধিৰ অধীনত আৰক্ষীয়ে গোচৰ পঞ্জিয়ন কৰাৰ পিছত বিষয়টো আদালতৰ দ্বাৰস্থ হয়৷ লখিমপুৰৰ আদালতে দীৰ্ঘদিন বিচাৰৰ অন্তত আজি ৰফিকুলৰ বিৰুদ্ধে ৰায়দান কৰি ১২ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ৫০, ০০০ [পঞ্চাশ হাজাৰ] টকাৰ জৰিমনা বিহে৷ আজি ৰফিকুলক জেল হাজোতলৈ প্ৰেৰণ কৰা হয়৷ উক্ত গোচৰটোৰ গোচৰীয়া পক্ষৰ অধিবক্তা আছিল যজ্ঞে শ্বৰ শইকীয়া আৰু আচামী পক্ষৰ অধিবক্তা আছিল জেষ্ঠ অধিবক্তা অৰূপ বৰা৷