হাওৰাঘাট,১৯ নৱেম্বৰ : আগন্তুক লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালকৈ আম আদমি পাৰ্টীয়েও কঁকালত টঙালি বান্ধি নিৰ্বাচনলৈ সাজোঁ হৈছে। সেই লৈ শনিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছস্থিত ভূমি সংৰক্ষণ পৰিদৰ্শন বাংলোত আম আদমি পাৰ্টীৰ এক আনুষ্ঠানিক সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ সদ্য বিভক্ত বৈঠালাংছ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংখাং আৰু আমৰি সমষ্টিত আম আদমি পাৰ্টীৰ জন সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা উক্ত সভাত আপৰ কাৰ্বি আংলং জিলা সমিতিৰ উপ-সভাপতি ফুদিং টেৰাংৰ লগতে অন্যান্য দলীয় নেতৃত্ব সকলো উপস্থিত থাকে। আনহাতে আম আদমি পাৰ্টীৰ লগত অতীজৰে পৰা সক্ৰীয়ভাৱে জড়িত থকা পশ্চিম কাৰ্বি আংলং জিলাৰ টেনজিং কাঠাৰ (Tenjing Kathar) আৰু ৱেনচিষ্টাৰ ইংতিৰ (Wenchister Ingti) আহ্বান ক্ৰমে অনুষ্ঠিত কৰা উক্ত সভাত আপৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতি গঠন কৰাৰ উপৰি নতুন সদস্য যোগদানৰ কাৰ্য্যসূচীও অনুষ্ঠিত কৰা হয় বুলি আম আদমি পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদকে জানিবলৈ দিছে।
