হাওৰাঘাট,২১ নৱেম্বৰ : কাৰ্বি আংলং জিলাৰ ফুলনিস্থিত ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাসত পাঁচশ টকাৰ বাবেই দুজন জেষ্ঠ ছাত্ৰই ছাত্ৰাবাসত থকা কেইবাগৰাকী কনিষ্ঠ শিক্ষাৰ্থীক মাৰপিট কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে কেইবাগৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকে । অভিযোগ অনুসৰি লুঞ্চে ৰংপি ফুলনি ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাসৰ ৱাৰ্ডেন(Warden) হিচাপে দায়িত্ব পালন কৰি আহিছে যদিও কলেজৰ তিনিজন জ্যেষ্ঠ ছাত্ৰক ফুলনি ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাস চোৱাচিতাৰ বাবে দায়িত্ব দিয়া বুলি জনা গৈছে । ছাত্ৰাবাসৰ দায়িত্ব লাভ কৰা তিনি কলেজীয়া ছাত্ৰৰ ভিতৰতে দুই কলেজীয়া ছাত্ৰ ক্ৰমে পবিত্ৰ আমছি আৰু ববন আমছি নামৰ কনিষ্ঠ ছাত্ৰ দুজনে কেইবাগৰাকী শিক্ষাৰ্থীক মাৰপিট কৰাৰ ফলত যোৱা সোমবাৰে নিশা ৯ বজাত ছাত্ৰাবাসটোৰ পৰা ১০ জন শিক্ষাৰ্থীয়ে পলাই যাবলৈ বাধ্য হয় । ভুক্তভুগি শিক্ষাৰ্থীসকলে জনোৱা অনুসৰি জ্যেষ্ঠ ছাত্ৰ ববন আমছিৰ মানিবেগৰ পৰা নগদ ৫০০ টকা নাইকিয়া হয় । এই পাঁচশ টকা হেৰুৱা বাবেই ববন আমছি আৰু পবিত্ৰ আমছিয়ে ছাত্ৰাবাসটোৰ কনিষ্ঠ ছাত্ৰকেইজনক কেৱল মাৰপিট কৰাতে ক্ষান্ত নাথাকি নিশা ৮ বজাত পানীত সাঁতুৰিবলৈও বাধ্য কৰা হয় বুলি ভুক্তভুগি শিক্ষাৰ্থী আৰু অভিভাৱকসকলে অভিযোগ কৰে । এই সন্দৰ্ভত ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাসটোৰ ৱাৰ্ডেনৰ দায়িত্বত থকা লুঞ্চে ৰংপিক আঁতৰাই অন্য এজনক ৱাৰ্ডেনৰ দায়িত্ব দিবৰ বাবে অনুৰোধ জনোৱাৰ লগতে ৱাৰ্ডেনৰ দায়িত্ব দি ৰখা তিনি ছাত্ৰকেইজনকো এই ছাত্ৰাবাসটোৰ পৰা আতঁৰ কৰিবৰ বাবে অনুৰোধ জনাইছে সচেতন অভিভাৱকসকলে ।

Home অসম আৰু উত্তৰপূব ফুলনি ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাসত পাঁচশ টকাৰ বাবেই দুই জেষ্ঠ ছাত্ৰই কেইবাগৰাকী শিক্ষাৰ্থীক...