লখিমপুৰ ২৪ নবেম্বৰৰ: অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সংবাদ মাধ্যমত তুলুঙা মন্তব্য কৰা বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাক কঠোৰ ভাষাৰে ধিক্কাৰ দিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসমৰ শক্তিশালী জাতীয় সংগঠন কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, বিশিষ্ট যুৱ সাহিত্যিক কাব্যপ্ৰাণ ৰূপজ্যোতি দত্ত কোচে আৰু সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি বিকাশ দত্ত, সাধাৰণ সম্পাদক নিতুল শইকীয়াই কয় যে-“সংসদত অসমৰ সমস্যা উত্থাপন কৰিব নোৱাৰা, ইংৰাজী, হিন্দীত সল-সলীয়াকৈ বক্তব্য ৰাখিব নজনা, নিমাতী কন্যা খ্যাত সাংসদ কামাখ্যা প্ৰদাদ তাছাৰ দৰে অকমন্য সাংসদে কোচ-ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত জ্ঞান দিয়াৰ নৈতিক অধিকাৰ নাই । কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, ৰূপজ্যোতি দত্ত কোচে উল্লেখ কৰে যে-“১৯৯৬ চনৰ ২৭ জানুৱাৰীত ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰে অধিসূচনা জাৰি কৰি কোচ-ৰাজবংশী সকলক জনজাতিকৰণ কৰি পৰৱৰ্তী সময়ত তিনিবাৰকৈ নবীকৰণ কৰি মূৰকত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে সংসদত বিধায়ক উত্থাপন নকৰি প্ৰতাৰণাৰে জনগোষ্ঠীটোক চৰম বিশ্বাসঘাটতা কৰিলে। ১৯৯৭ চনত কেন্দ্ৰীয় চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ তালিকাভূক্ত কৰিব পাৰি নে নোৱাৰি তাক অধ্যয়ন কৰিবলৈ এখন সমিতি গঠন কৰি দিছিল। উক্ত কমিটিয়ে ১৯৯৭ চনৰ ১৪ আগষ্টত কোচ-ৰাজবংশী সকলৰ জনজাতিৰ সকলো বৈশিষ্ট থকা বুলি প্ৰতিবেদন দাখিল কৰিছিল। প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে সংসদৰ মজিয়াত ঘোষণা কৰিছিল যে- কোচ-ৰাজবংশী সকলক জনজাতিৰ মৰ্যদা দিয়াৰ সকলো বিধি-ব্যৱস্থা সম্পূৰ্ণ হৈছে। কিন্তু কবিনেট অনুমোদন নোহোৱাৰ বাবে তালিকাৰ পৰা বাদ পৰিছে। পৰৱৰ্তী চৰকাৰে পোনে-পোনেই জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব পাৰিব। পিছৰ সময়ত ইউ পি এ চৰকাৰে বিষয়টোত কোনো গুৰুত্ব নিদিলে। কংগ্ৰেছৰ দৰে ভাৰতীয় জনতা দলৰ চৰকাৰেও ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰত কোচ-ৰাজবংশীক জনজাতিকৰণ লিখিত প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰাৰ পাছতো জনজাতিকৰণ নকৰিলে। ২০১৬ চনত বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা দলৰ মিত্ৰজোঁটে জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰি জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ সমিতি গঠন কৰিলে। কিন্তু কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল নকৰি ভোটবেংক সুৰক্ষিত কৰি ৰখাৰ কৌশল অৱলম্বনেৰে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক:মুহুৰ্তত কেৱল মাত্ৰ চাৰিখন জিলাক সামৰি কোচ-ৰাজবংশী সকলক “কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ” গঠন আৰু কেইখনমান জিলাৰহে সদস্য লৈ “কোচ-ৰাজবংশী উন্নয়ন পৰিষদ” পুনৰ গঠন কৰি জনজাতিকৰণৰ বিষয়টো সু-পৰিকল্পিত ভাৱে ওলমাই ৰাখি ৰাজনৈতিক চতুৰালিৰে জনজাতিকৰণৰ বিষয়টো অনন্ত কাললৈ পিছুৱাই থকাটো অমানৱীয়। ইয়াৰ উপৰিও বিগত তিনিদশকৰো অধিক কালৰে পৰা দাবী জনাই অহা কোচ-ৰাজবংশী সকলৰ গৃহভূমি ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ কোনো পদক্ষেপ গ্ৰহণ নকৰা কাৰ্য নিশ্চিতভাৱেই উদ্বেগজনক বুলি অভিহীত কৰিছে। অসমক অবৈধ বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ, অবৈধ নাগৰিকক ৰাজনৈতিকভাৱে নি:শেষ কৰিবলৈ, অসমৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ তথা প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য অনতিপলমে প্ৰদানৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণৰ উদ্যোগ ল’বলৈ অসমৰ মুখ্য মন্ত্ৰীক এক স্মাৰক পত্ৰ যোগে আহ্বান জনাইছে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে । ইফালে বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাক এইবাৰ লোক সভা নিৰ্বাচনত উচিৎ শিক্ষা দিয়া হ’ব বুলি কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে সকীয়নী দিছে ।

Home অসম আৰু উত্তৰপূব কোচ-ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিৰ প্ৰসংগত কামাখ্যা প্ৰসাদ তাছাক তুলুঙা মন্তব্য নকৰিবলৈ...