Anchor : অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ গুৱাহাটীৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, হাওৰাঘাট খণ্ডৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত খণ্ড পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞান আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ, আকস্মিক বক্তৃতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । পুৱাৰ ভাগত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ পিছতেই বিজ্ঞানভিত্তিক প্ৰতিযোগিতা সমূহ উদ্বোধন কৰে বিষয় শিক্ষক ৰামাশংকৰ গুপ্তাই । বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেশ ৰাজবংশীয়ে । হাওৰাঘাট খণ্ডৰ ১৬ খন বিদ্যালয়ৰ পৰা ২০০ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাৰ্বি আংলং জিলা সমন্বয়ক ভৱানন্দ খাখলাৰীয়ে । সভাৰ আঁত ধৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, হাওৰাঘাট খণ্ডৰ সমন্বয়ক প্ৰবীণ নাথে । সভাত স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ্য কৰি বিচাৰক মণ্ডলী, তত্ত্বাৱধায়ক শিক্ষক , শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । এই সভাতে বিভিন্ন প্ৰতিযোগিতাত বিজয়ী সকলক নগদ ধন, মেদেল আৰু মানপত্ৰ প্ৰদান কৰা হয় ।
Home অসম আৰু উত্তৰপূব হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতাৰ...