লখিমপুৰ, ২৫ নৱেম্বৰ ; সমষ্টি পুনঃনিৰ্ধাৰণৰ জৰিয়তে লখিমপুৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত বগীনদী অঞ্চলত আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকা উপস্থিত হয়।আজি দিনৰ ১১ বজাত বিধায়কগৰাকী উপস্থিত থকা সমদল তথা সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। চৰাইমৰীয়াৰ পৰা বগীনদী মণ্ডল বিজেপিৰ কাৰ্যালয়লৈ বুলি বিজেপিৰ নেতা-কৰ্মীৰ সহযোগিতাত এনেদৰে বিধায়ক মানৱ ডেকাই সাংসদক গৰাকীক লগত লৈ সমদল কৰে । সমদলৰ অন্তত বিধায়ক মানৱ ডেকা, সাংসদ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই বগীনদী মণ্ডল বিজেপিৰ কাৰ্যালয়ত এখন জনসভাত অংশগ্ৰহণ কৰে। লখিমপুৰ ৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থকা উক্ত সভাত নতুনকৈ লখিমপুৰ বিধানসভা সমষ্টিত অন্তভূক্ত হোৱা বগীনদী অঞ্চলৰ বিকাশৰ হকে আগন্তুক দিনত কাম কৰি যাব বুলি বিধায়ক ডেকা আৰু সাংসদ বৰুৱাই ঘোষণা কৰে। ইয়াৰ পিচত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁৰ ভাষণত দেশৰ বিৰোধী দলসমূহে গঠন কৰা ইণ্ডিয়া মহাজোঁটক ক্ষুৰধাৰ সমালোচনা কৰি ইণ্ডিয়া মহাজোঁটক এটা অন্তঃসাৰশূন‍্য মহাজোঁট বুলিহে মন্তব্য প্ৰকাশ কৰে। আনহাতে লোকসভা নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজৰ অংশৰূপে আজি লখিমপুৰত বিধায়ক মানৱ ডেকা সহিত সাংসদ প্ৰদান বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই বিশাল সমদলেৰে বিজেপিৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰচেষ্টা চলোৱাৰ সময়তে থৌ-থোৱানি গাঁও পঞ্চায়তৰ অন্তৰ্গত মইনাপাৰাৰ পকী দলঙৰ সন্মুখত তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিজেপিৰ কোনো কৰ্মকৰ্তাই দেশৰ ৰাষ্ট্ৰীয় পতাকাখনক দলীয় পতাকাৰ লগত সন্মিলিতভাৱে উত্তোলিত কৰি ৰখা কাৰ্যক অঞ্চলটোৰ সচেতন ৰাইজে সমালোচনা কৰাৰ লগতে তীব্ৰ গৰিহণা দিয়ে।