লখিমপুৰ ,৩০নৱেম্বৰ, ; ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বতৰাৰে অসম চৰকাৰে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থী সকলক আনুষ্ঠানিকভাৱে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে। লখিমপুৰ জিলাটো কালি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত উত্তৰ লখিমপুৰ ত্যাগ ক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলা আয়ুক্ত কাৰ্য্যলয়ৰ জ্যেষ্ঠ সহায়িকা জুনুমা কোঁচে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই । বঁটা প্ৰদান কৰি দিয়া ভাষণত মন্ত্রী গৰাকীয়ে আনন্দৰাম বৰুৱা দেৱৰ কৰ্ম জীৱন, শিক্ষাৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । মন্ত্ৰী মহন্তই আনন্দৰাম বৰুৱা দেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভৱিষ্যত সমাজৰ এজন দায়বদ্ধ ব্যক্তি হিচাপে নিজকে গঢ় দিবলৈ আৰু এইক্ষেত্ৰত ছাত্র-ছাত্ৰী সকলক সঠিক মাৰ্গ দৰ্শন কৰাই পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ শিক্ষাগুৰু আৰু অভিভাৱক সকলক
আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থকা বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাই আনন্দৰাম বৰুৱা বঁটাপ্ৰাপক শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নতুন শিক্ষানীতি সম্পৰ্কে বক্তব্য আগবঢ়াই। আজি আনুষ্ঠানিকভাৱে 8 জন মেধাৱী ছাত্ৰ-ছাত্ৰীক ১৫,০০০ টকাৰ ডেম’চেক প্ৰদান কৰা হয়। লখিমপুৰ জিলাৰ সৰ্ব মুঠ ১২৮৩ জন ছাত্ৰ -ছাত্ৰীক এই বছৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবদ ১৫,০০০ টকাৰ ধনৰাশি বেংক একাউণ্টৰ যোগেদি প্ৰদান কৰা হৈছে।গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষা গৃহত ৰাজ্যিক ভিত্তিত আয়োজিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণৰ পুনৰ সম্প্ৰচাৰ কৰি উপস্থিত ব্যক্তিসকলৰ বাবে প্ৰদৰ্শন কৰা হয়। আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, অতিৰিক্ত আয়ুক্ত ভাস্কৰজ্যোতি বৰুৱা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি সমীৰণ কোঁৱৰ, উত্তৰ লক্ষীমপুৰ পৌৰসভাৰ পৌৰ পতি নিবেনিতা দত্ত,জিলাৰ মূৰব্বী বিষয়া, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী, শিক্ষক শিক্ষয়িত্ৰী, ছাত্র-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে।

Home অসম আৰু উত্তৰপূব লখিমপুৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান মুখ্য অতিথি হিচাপে মন্ত্ৰী কেশৱ মহন্তৰ...