লখিমপুৰ, ৩০ নৱেম্বৰ ; প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫% নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ লক্ষীমপুৰ জিলাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত স্কুটী বিতৰণ কাৰ্যসূচী আজি অসম চৰকাৰৰ পৰিৱেশ আৰু বন, এক্ট ইষ্ট পৰিক্ৰমা, সংখ্যালঘু কল্যাণ দপ্তৰৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। উত্তৰ লখিমপুৰ নগৰৰ ত্যাগক্ষেত্ৰত অনুষ্ঠিত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম স্কীল ডেভেলপমেন্টৰ ধাৰণাটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
“আনহাতে ৰাজ্যৰ মূখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাদেৱে নিতৌ উদ্ভাবনী চিন্তাৰে বিভিন্ন বিভাগক সমৃদ্ধ কৰাৰ লগতে নিতৌ নতুন চিন্তা চৰ্চাৰে ৰাজ্যখনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে বুলি তেওঁ কয়। তেওঁ শিক্ষার্থী সকলক মানৱ সম্পদ হোৱাৰ লগতে সকলো প্ৰত্যাহ্বান অতিক্রম কৰি, নিজৰ গুণ বিকশিত কৰি আগুৱাই যাবলৈ আহ্বান জনায়। বিধায়ক মানৱ ডেকাই কয় যে ৰাজ্যৰ মূখ্যমন্ত্রীয়ে শিক্ষা স্বাস্থ্য সকলোতে মানৱ সম্পদ গঢ় দিয়াৰ প্ৰয়াস কৰিছে। বিহপুৰীয়াৰ বিধায়ক ডঃঅমিয় কুমাৰ ভূঞায়ো চৰকাৰখনৰ বিভিন্ন উন্নয়ন মূখী আৰু উদ্যোগমূখী কাম কাজৰ আলোকপাত কৰি ভাষণ দিয়ে। মন্ত্ৰী পাটোৱাৰী আজি আনুষ্ঠানিক ভাৱে ৮ জন ছাত্র-ছাত্ৰীক ক্ৰমে জিনিয়াছ একাডেমীৰ নয়নিকা বৰা, ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ইৰফান আহমেদ, হাৰমতী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অনুভূতি বৰুৱা, ৰোহন শইকীয়া, লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজশ্রী বৰা, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সনাতন দাস, নৰ্থ বেংক কলেজৰ জ্ঞানশ্ৰী দেৱী, দ্বীপজ্যোতি চাংমাইক স্কুটী প্ৰদান কৰে। উল্লেখযোগ্য যে এইবাৰ লখিমপুৰ জিলাৰ মুঠ ১৫২৩ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হৈছে ড৹ বাণীকান্ত কাকতি মেধা বঁটা। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়িকা জুনুমা কোঁচে আঁত ধৰা এই বঁটা প্ৰদান অনুষ্ঠানত আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় প্ৰজ্ঞান ভাৰতী আঁচনিৰ লখিমপুৰ জিলাৰ সমন্বয়ক তথা পানীগাঁও ওমপ্ৰকাশ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰেশ দত্তই।
আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ প্ৰতিনিধি বজ্ৰ কুমাৰ দলে, জিলা অতিৰিক্ত আয়ুক্ত ভাস্কৰ জ্যোতি বৰুৱা,লখিমপুৰ জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমীৰণ কোঁৱৰ, উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি নৱনিতা দত্ত, লখিমপুৰ জিলা পৰিষদৰ সভাপতি মঞ্জু বৰগোঁহাই,, বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, বিভিন্ন বিদ্যালয় অধ্যক্ষসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্র-ছাত্ৰী তথা জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া সকল উপস্থিত থাকে।
Home অসম আৰু উত্তৰপূব লখিমপুৰত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী লখিমপুৰত...