লখিমপুৰ, ৪ ডিচেম্বৰ ; অসম ফুটবল সন্হাৰ তত্বাবধানত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নকাৰী ক্লাৱৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা প্ৰয়াত গোবিন্দ মোহন ডেকা আৰু প্ৰয়াত শৈলেন্দ্র নাথ (ননী) চেলেং সোৱৰঁণী লখিমপুৰ চেলেঞ্জ নৈশ ফুটবল প্ৰতিযোগিতা খনিৰ কালি নিশা অনুষ্ঠিত হোৱা চুড়ান্ত খেলত অসম পুলিচ ফুটবল দলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ফুটবল দলক ৩-১ গলত পৰাজিত কৰি চুড়ান্ত বিজয়ী হয়। অসম পুলিচ ফুটবল দলৰ হৈ আজি গলকেইটা প্ৰদান কৰে ৰাকেশ দাস(১০ মিনিট),আৰু পিংকুল বসুমতাৰী (৬২ মিনিট) ,আৰু বিশাল গুৰুং(৮৫ মিনিট) আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলৰ হৈ একমাত্র গলটো পৰিশোধ কৰে জম্বলা বহ্ম(৫৯মিনিটত) ই। ফাইনেল খেলাখনি পৰিচালনা কৰে অসম ফুটবল সন্হাৰ খেল পৰিচালক ভাস্কৰ চাবুকধাৰা-(লখিমপুৰ), দীপঙ্কৰ ঢেকিয়াল ফুকন-(লখিমপুৰ),আব্দুল মজিদ চৌধুৰী (শিলচৰ )আৰু লাকী ৰঞ্জন বৰুৱা-(শিৱসাগৰ)। খেলখনিত মেচ-কমিছনাৰ হিচাপে উপস্থিত থাকে লতিফুল আহমেদ হুছেইন । প্ৰতিযোগিতা খনিৰ , চুড়ান্ত খেলত অতিথি হিচাপে উপস্থিত থাকে অসম ফুটবল সন্হাৰ কোষাধ্যক্ষ হীৰেন গগৈ, বিধায়ক মানব ডেকা, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । খেলৰ শেষত বঁটা বিতৰনী সভাখনি অনুষ্ঠিত হয় ।উল্লেখ যে প্রতিযোগিতা খনিত সর্বমুঠ ১৪টা দলে অংশগ্রহণ কৰে । খেল প্রতিযোগিতাখনৰ চেম্পিয়ন দলক নগদ এক লাখ টকা শিক্ষাবিদ
প্রয়াত গোবিন্দ মোহন ডেকা সোঁৱৰণী বঁটা আৰু খেলুৱৈ ক্রীড়া সংগঠক শৈলেণ্ড নাথ চেলেঙৰ (ননী চেলেং) সোঁৱৰণত ৰানাৰ্ছ আপ দলক ৫০ হাজাৰ টকা বঁটা হিচাপে আগবঢ়ায় । ইফালে প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে অসম পুলিচৰ মূল্যৰাভাই আৰু চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিসদৰ গোল্ডেনচন জাপুই ।