লখিমপুৰ, ৪ ডিচেম্বৰ ঃ লখিমপুৰ জিলাৰ বৃহত্তৰ কমলাবৰীয়া মৌজাৰ অন্তৰ্গত পানীগাঁৱৰ সমীপৱৰ্তী লেচাই গাঁৱত আজি যান্ত্ৰিকীকৰণ পদ্ধতিৰে [কম্বাইন হাৰ্ভেষ্টাৰ] শালি ধানৰ বৃহৎ শস্য চপোৱা অনুষ্ঠান অনুষ্ঠিত হয়৷ অসম কৃষি বিশ্ববিদ্যালয় লখিমপুৰৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ আৰু এপাৰ্টৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানৰ পিছত আনুষ্ঠানিকভালে শালি ধান যন্ত্ৰৰ সহায়ত চপোৱা কাৰ্য পদৰ্শন কৰা হয়৷ কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সহায়ক যামিনী দত্তই আঁত ধৰা অনুষ্ঠানত জিলা কৃষি বিষয়া ভৱজিৎ কুমাৰ দলে, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী প্ৰশান্ত পাঠক, মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড॰ প্ৰৱাল শইকীয়া আদিয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষক সকলে কম সময়ত আধুনিক যন্ত্ৰৰ সহায়ত কেনেদৰে শালি ধান চপাব পাৰি সেই বিষয়ে কৃষক সকলক অৱগত কৰে৷ জনসংখ্যা বিস্ফোৰণৰ ফলত কেনেদৰে ভূমি সংকূচিত হৈ আহিছে আৰু তেনে ভূমিত কেনেদৰে দুই বা তিনি তৰপীয়া কৃষি কাৰ্য কৰিলেহে কৃষক সকল উপকৃত হ’ব সেই বিষয়ে উপৰোক্ত বিজ্ঞানী তথা বিষয়া সকলে আজি অনুষ্ঠানত উপস্থিত কৃষক সকলক বিতংভাৱে অৱগত কৰে৷ আধুনিক ৰাসায়নিক সাৰৰ অপপ্ৰয়োগে কেনেদৰে মাটিৰ গুণাগুণ হ্ৰাস কৰে সেই বিষয়েও তেওঁলোকে বিৱৰি কৈ ইয়াৰ প্ৰতিকাৰৰ বিষয়ে উল্লেখ কৰে৷ ড॰ প্ৰৱাল শইকীয়াই বানপানীত তিস্তি থাকিব পৰা উন্নত জাতৰ ৰঞ্জিত চাব’ৰ ধানৰ বীজৰ বিষয়ে বিতংভাৱে অৱগত কৰে৷ উল্লেখনীয় যে আজিৰ এই অনুষ্ঠানৰ পিছতে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা নিয়া ধান কটা, ধান কাটি মুঠি বন্ধা আৰু ধান কাটি-মাৰি বস্তাত ভৰোৱা তিনিবিধ বিশেষ যন্ত্ৰ প্ৰদৰ্শন কৰি লেচাই গাঁৱৰ দত্ত পৰিয়ালৰ পথাৰত শালি ধান কাটি শস্য চপোৱা কাৰ্য প্ৰদৰ্শন কৰে৷ কৃষক সকলে ৰেহাই মূল্যত এনে যন্ত্ৰসমূহ ক্ৰয় কৰিব পাৰিব বুলি আজি কৃষি বিজ্ঞানী সকলে অৱগত কৰে৷ আজি পকা ধাননি পথাৰত ফিটা কাটি শালি ধানৰ শস্য চপোৱা [যান্ত্ৰিকীকৰণ পদ্ধতিৰে শালি ধানৰ বৃহৎ শস্য চপোৱা অনুষ্ঠান] অনুষ্ঠানৰ শুভাৰম্ভ কৰে কৃষি বিজ্ঞানী ড॰ প্ৰৱাল শইকীয়াই৷ আজিৰ অনুষ্ঠানত ফিলিপাইন্সৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী বিবেক কুমাৰেও অংশগ্ৰহণ কৰি নিজৰ বক্তব্যত অসমৰ কৃষকক অন্য ঠাইৰ কৃষকৰ সমানে আগবঢ়ায় নিয়াৰ বাবে ৰাজ্য চৰকাৰ, কৃষি বিভাগ, কৃষি বিশ্ববিদ্যালয় আৰু কৃষি গৱেষণা কেন্দ্ৰই লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷ কমলাবৰীয়া মৌজাৰ ভালেসংখ্যক কৃষকে অংশগ্ৰহণ কৰা আজিৰ শস্য চপোৱা অনুষ্ঠানত ড॰ প্ৰৱাল শইকীয়াই কৃষক সকলক কৃষি বিশ্ববিদ্যালয়ৰ আধুনিক প্ৰযুক্তিসমূহ গ্ৰহণ আহ্বান জনায়৷

Home অসম আৰু উত্তৰপূব লখিমপুৰৰ পথাৰত নামিল আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কৃষি বিজ্ঞানী পানীগাঁৱত যান্ত্ৰিকীকৰণ পদ্ধতিৰে...