লখিমপুৰ, ৪ ডিচেম্বৰ,:লখিমপুৰ জিলাৰ আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত আজি সদ্য-বদলিকৃত জিলা আয়ুক্ত সুমিত ছাত্তাৱানক বিদায় -সম্বৰ্ধনা সভাখনি অনুষ্ঠিত কৰা হয়। সভাতবিভিন্ন বিভাগৰ বিষয়াসকলে আয়ুক্ত গৰাকীৰ সৈতে কটোৱা কৰ্ম অভিজ্ঞতাৰ লগতে তেখেতে চৰকাৰী আৰু বিভাগীয় কাৰ্য পৰিচালনাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ, পথ প্ৰদৰ্শনৰ বিষয়ে বক্তব্য আগবঢ়াই। সকলোৱে তেখেতৰ আগন্তুক কৰ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সু-স্বাস্থ্য কামনা কৰে।বিদায়ী আয়ুক্ত গৰাকীয়ে সকলোকে তেখেতৰ কাৰ্যকালত আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।সভাখনত জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, জিলা অতিৰিক্ত আয়ুক্ত সুলক্ষণা বৰপাত্ৰগোঁহাই, মিনাক্ষী পেৰমে,সহকাৰী আয়ুক্ত আৰজিত মহাজন, নিজৰা বড়ো, জ্যোতিকণা চেতিয়া,জিলাৰ মূৰব্বী বিষয়াসকল, চক্ৰ বিষয়াসকল, জিলাৰ খণ্ড উন্নয়ন বিষয়া সকলকে ধৰি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।