হাওৰাঘাট, ৯ ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পূব দীঘাৰু আৰু দীঘলীআটি গাঁৱৰ মাজত খেতি পথাৰত কৃষকে ৰোপণ কৰা ধান খাবলৈ আহি অৰ্থাৎ খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা দুটা হাতী বিদ্যুৎপৃষ্ঠ হৈ শনিবাৰে পুৱতি নিশা কৰুণ মৃত্যুক আঁকোৱালি লয়। বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুমুখত পৰা হাতী দুটাৰ ভিতৰত এটা মতা আৰু এটা মাইকী হাতী । জানিব পৰা মতে পূব দিখাৰু আৰু দীঘলীআটি গাঁৱৰ খেতি পথাৰত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে প্ৰায়ে তাণ্ডৱ চলায় এই অঞ্চলসমূহত । বিগত সময়চোৱাত উক্ত ঠাইত খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ গছকত এগৰাকী মহিলাৰ মৃত্যু হৈছিল ।বিশেষকৈ ধান চপোৱাৰ সময়ত আগমন ঘটে বন্যহস্তীৰ। বন্যহস্তীৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ খেতিয়কে খেতি পথাৰৰ চাৰিওফালে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰাৰ ফলতেই বন্যহস্তীৰ এই কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হ’বলৈ পালে । চৰকাৰৰ বিয়াগোম বনবিভাগ থকাৰ পিছতো এনেদৰে ঘটনা সংঘটিত হৈ আহিছে । সচেতন মহলৰ মনত প্ৰশ্ন এই সন্দৰ্ভত উচিত পদক্ষেপ কেতিয়া গ্ৰহণ কৰিব চৰকাৰ তথা বনবিভাগে।
Home অসম আৰু উত্তৰপূব হাওৰাঘাটৰ পূব দীঘাৰুত বিদ্যুৎপৃষ্ঠ হৈ দুটা হাতীৰ কৰুণ মৃত্যু, নীৰৱ দৰ্শকৰ ভূমিকাত...