লখিমপুৰ , ৭ ডিচেম্বৰ ; ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰিছে যদিও কাৰ্য ক্ষেত্ৰত চৰকাৰী শিক্ষা ব্যৱস্থাৰ কিমান উন্নতি হৈছে সেয়া একাংশ চৰকাৰী বিদ্যালয়ৰ বাস্তৱ প্ৰতিচ্ছবিয়ে উদঙাই দিছে । বিশেষকৈ গ্ৰাম্যাঞ্চলত একাংশ প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ নামত দি অহা প্ৰহসনে শিক্ষা ব্যৱস্থাৰ নগ্ন স্বৰূপ উদঙাই দিছে । ইয়াৰে জ্বলন্ত উদাহৰণ লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৯৭নং ঘুনাসুঁতি প্ৰাথমিক বিদ্যালয় । লখিমপুৰ জিলাৰ লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ঐতিহাসিক ঘূণাসুঁতি অঞ্চলৰ প্ৰাথমিক বিদ্যালয়খন বিধ্বস্ত ৰূপৰ সমান্তৰালকৈ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক শিক্ষা দানৰ নামতো ব্যাপক বিসংগতিয়ে সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে । উল্লেখ যে ১৯ ৩৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ বিদ্যালয় গৃহ তথৈবচ অৱস্থাক লৈ ৰাইজ -অভিভাৱকে বাৰম্বাৰ ৰাজ্যৰ শিক্ষা মন্ত্রী ডাঃ ৰনোজ পেগু ,শিক্ষা বিভাগক অবগত কৰি আহিলেও ইয়াৰ সুফল ৰাইজে লাভ কৰা নাই । যাৰ বাবে বিধ্বস্ত গৃহতে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছে যদিও এজাক বৰষুণ আহিলেই বিদ্যালয়ৰ শ্ৰেণী কোঠাত পৰে পানী । ইফালে বিদ্যালয় গৃহৰ মজিয়াৰ খলা বমা অৱস্থাইও কণ কণ ছাত্ৰ ছাত্ৰীক সমস্যাত পেলায় । বিদ্যালয়খনত দীর্ঘদিন ধৰি এজনীয়া শিক্ষকেই বিদ্যালয় খনৰ ৭৫ গৰাকী কণ কণ ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰি আহিছে যদিও জিলা প্ৰাথমিক শিক্ষা বিভাগে ৰহস্য জনক ভাবে শিক্ষকৰ ব্যৱস্থা নকৰাত ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে । ইফালে ৰাইজৰ অভিযোগ মতে বৰ্তমান বিদ্যালয় খনত পৰমানন্দ ৰাজখোৱা নামৰ এজন প্ৰধান শিক্ষকে বিদ্যালয়খন পৰিচালনা কৰি আছে যদিও প্ৰধান শিক্ষক গৰাকীয়েও ছাত্ৰ ছাত্ৰীক শিক্ষাদানত বিশেষ গুৰুত্ব নিদিয়ে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে ধৰি একাংশ ৰাইজ- অভিভাৱকৰ অভিযোগ- প্ৰধান শিক্ষক গৰাকীয়ে প্ৰায়ে দিনৰ ১২ বজাতে বিদ্যালয় চুটি দি বিদ্যালয় এৰে । আনহাতে মধ্যাহ্ন ভোজনৰ নামতো ব্যাপক অনিয়ম সংঘটিত কৰে । বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজনত কণী খোৱাৰ পৰা প্ৰায়ে বঞ্চিত হৈ আহিছে ।কালি লখিমপুৰৰ এটা সাংবাদিকৰ দলে বিদ্যালয়খনত দিনৰ ১১-৩০ বজাত উপস্থিত হোৱাৰ সময়ত প্ৰধান শিক্ষক গৰাকী বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ বিপৰীতে বিদ্যালয়ত মেডিকেল কেম্প অনুষ্ঠিত কৰিবলৈ দি আঁতৰি যায় । ইয়াৰে গইনালৈ কালি মধ্যাহ্ন ভোজনৰ পৰাও ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰে । ৰাইজ-বিভাগৰ অভিযোগ মতে – প্ৰধান শিক্ষক গৰাকীয়ে বিভাগীয় বিষয়াৰ নিৰ্দেশককো নামানে আৰু নিজা খেয়াল খুচি মতে কাম কৰে । আনহাতে বিদ্যালয়ৰ আন্তঃগাঁঠনীৰ ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰতো ব্যাপক অনিয়মৰ অভিযোগ তুলিছে ৰাইজে ।
Home অসম আৰু উত্তৰপূব লখিমপুৰৰ ঘুনাসুঁতিত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ নামত প্ৰহসন ; ১৯৩৫ চনতে প্রতিস্থিত ৯৭...