লখিমপুৰ, ১১ ডিচেম্বৰ : লখিমপুৰ টাউন বানটোৰ লভ লাইফ ফাউণ্ডেশ্যন নামৰ ৰিহেব চেণ্টাৰৰ কাম কাজৰ বিৰুদ্ধে এগৰাকী যুৱকে উত্থাপন কৰা এক ভয়ংকৰ অভিযোগে লখিমপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিশেষকৈ ৰিহেব চেণ্টাৰত চলা অনৈতিক কাম কাজৰ তথ্য চেণ্টাৰতোৰ কৰ্মচাৰীয়ে উন্মোচন কৰাৰ বাবেই যুৱক জনৰ ওপৰত অমানুষিক নিৰ্য্যাতন , অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰিহেব চেণ্টাৰটোৰ স্বত্বাধিকাৰী পক্ষ সোনোৱালৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ ভুক্তভোগী যুৱক চিৰঞ্জীৱ দত্ত নামৰ যুৱকৰ ।ইতিমধ্যে ভুক্তভোগী চিৰঞ্জীৱ দত্তই লখিমপুৰ সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। অভিযোগ মতে – লখিমপুৰ নগৰৰ ৫ নং ৱাৰ্ডৰ চেতিয়া গাঁৱৰ নিবাসী দ্ৰোণ দত্তৰ পুত্ৰ চিৰঞ্জীৱ দত্তক ২ ডিচেম্বৰত নিশা “লভ লাইফ ফাউণ্ডেচন”ৰ স্বত্বাধিকাৰী পক্ষ সোনোৱাল আৰু আন চাৰি গৰাকী লোকে গাড়ীত তুলি পদুমণিত থকা ৰিহেব চেণ্টাৰলৈ লৈ যায় আৰু গাড়ীৰ ভিতৰত উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে পদুমণিৰ মাইনা সোনোৱালৰ তত্বাৱধানত থকা ৰিহেব চেণ্টাৰতো মাৰপিট কৰে। তাৰ পিছত পক্ষ সোনোৱালে চিৰঞ্জীৱ দত্তক ডিব্ৰুগড়ৰ মৰাণত থকা ৰিহেব চেণ্টাৰলৈ লৈ যায়। তাতো চিৰঞ্জীৱ দত্তক শাস্তি প্ৰদান কৰে। পক্ষ সোনোৱালে চিৰঞ্জীৱ দত্তৰ মোবাইল আৰু নথি পত্ৰ সমূহো কাঢ়ি লয়। ইয়াৰ পিছত চিৰঞ্জীৱ দত্তৰ মাতৃয়ে পক্ষ সোনোৱালৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিব বুলি ফোন যোগে ভাবুকি দিয়াত ৫ ডিচেম্বৰ তাৰিখে মৰাণত তেওঁলোকে ভুক্তভোগী যুৱক জনক এৰি দিয়ে। চিৰঞ্জীৱ দত্তৰ পিতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে – সন্দেহৰ বশৱৰ্তী হৈয়ে ৰিহেব চেণ্টাৰটোত কৰ্মচাৰী হিচাপে থকা চিৰঞ্জীৱ দত্তক এনেদৰে অমানুষিক অত্যাচাৰ চলায় । এই ক্ষেত্ৰত পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰি ঘটনাৰ উপযুক্ত তদন্তৰ লগতে ন্যায় দাবী কৰিছে । লখিমপুৰৰ একাংশ ৰিহেব চেণ্টাৰত নিচাত আসক্ত যুৱকক সুস্থ কৰি তোলাৰ নামত বিভিন্ন সময়ত শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।