লখিমপুৰ, ১১ ডিচেম্বৰ ; গ্ৰাম্য উন্নয়নৰ নামত ৰাজ্য চৰকাৰখনে চৰকাৰী বিভিন্ন আঁচনিৰ নামত কোটিৰ হিচাপত ধন ব্যয় কৰিছে যদিও বহু গ্ৰাম্যাঞ্চলত এতিয়াও ৰাইজে উন্নয়নৰ মুখ দেখা নাই । ইয়াৰে এক জলন্ত উদাহৰণ হল লখিমপুৰ জিলাৰ কদম গাঁও পঞ্চায়তৰ বাঁহবাৰী অঞ্চল । উল্লেখ যে কদম গাঁও পঞ্চায়তৰ অধীনস্থ , কাকৈ আৰু গোমনদীয়ে প্ৰতি বছৰে বান খহনীয়াৰ সৃষ্টি কৰি অহা অঞ্চলটোৰ ইলিয়াছ ধান, ৰেবিকা ধান,লিবিয়ন ধান, সুনীল ধান, জহান ইলিয়াছ ধান, ৰেবিকা ধান, লিবিয়ন ধান, সুশীল ধান, জহান টপ্ন, লিবিন ধান, সুনীল বৰাইক আদি বিভিন্ন পৰিয়ালে খোৱা পানীৰ পৰা আৰম্ভ কৰি সৰ্বদিশতে অৱহেলিত হৈ আহিছে যদিও গাঁও পঞ্চায়তৰ তৰফৰ পৰা আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । কদম গাওঁ পঞ্চায়তৰ অধীনৰ এই পৰিয়ালসমূহে চৰকাৰী ঘৰৰ সমান্তৰালভাৱে অনাময় শৌচাগাৰো লাভ কৰা নাই। গোমনদী নৈৰ লগতে কাকৈ নৈয়েও প্ৰতিবছৰ বান-খহনীয়া সৃষ্টি কৰি অহা বাঁহবাৰী নিৱাসী এই পৰিয়ালসমূহে বৰ্তমান অস্বাস্থ্যকৰ পৰিবেশত নৈৰ পানীকে সেৱন কৰি আহিছে। অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়া মতে – বিশুদ্ধ খোৱা পানীৰ অভাৱৰ পৰিপেক্ষিততে এনেদৰে কাকৈ গোমনদীৰ পানী মজুত কৰি খোৱাৰ ব্যৱস্থা কৰিছে । এই ক্ষেত্ৰত ৰাইজে জিলা উপায়ুক্তৰ দৃষ্টি কামনা কৰিছে । এই সন্দৰ্ভত ৰাইজৰ অভিযোগ -যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ কোটি কোটি টকা ব্যয় সাপেক্ষ জলজীৱন আঁচনিৰে সকলো ৰাইজৰ বাবে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তেই নৈৰ পানী সেৱন কৰি গ্রাম্য অঞ্চলৰ ৰাইজে জীৱন নিৰ্বাহ কৰিব লগা হোৱাটো লক্ষণীয় হৈছে । ইফালে নদীপৰীয়া অঞ্চলটোৰ ৰাইজৰ বাট পথৰ দুৰৱস্থাইও ৰাইজক ভীষণ সমস্যাত পেলাইছে । একেদৰে বহু দৰিদ্ৰ পৰিয়ালে আজিও প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ গৃহ লাভ নকৰা বিষয়টোও তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে ।