লখিমপুৰ, ১২ ডিচেম্বৰ : লখিমপুৰ জিলাৰ যুৱনগৰ হাইস্কুলত চৰকাৰী চাইকেল দিয়াৰ নামত ছাত্র ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি বিপদত পৰিছে হাইস্কুলখনৰ প্ৰধান শিক্ষক চক্রেছৰ বৰা । অভিযোগ মতে প্ৰধান শিক্ষক চক্ৰেস্বৰ বৰাই চৰকাৰী চাইকেল দিয়াৰ নামত প্ৰতিগৰাকী ছাত্ৰছাত্ৰীৰ পৰা সংগ্ৰহ কৰিছিল ৮০ টকাকৈ।এই অভিযোগৰ পিছতে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে দাখিল কৰিছিল এজাহাৰ আৰু তৎক্ষনিক ভাবে কাৰ্যকৰী হোৱাকৈ কৰিছিল নিলম্বন ৷ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ এজাহাৰৰ ভিত্তিত আটক কৰিছে প্ৰধান শিক্ষ চক্ৰেশ্বৰ বৰাক । কিন্ত লক্ষ্যণীয় ভাবে ইয়াৰ পিছতেই যুৱনগৰৰ হাইস্কুলত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ । ঘটনাৰ
তদন্ত কৰিবলৈ যোৱা আৰক্ষী বিষয়াক ঘেৰাও কৰিলে ছাত্ৰছাত্ৰীয়ে । চাইকেল বিতৰনৰ নামত ধন সংগ্ৰহ কৰা অভিযোগত অভিযুক্ত শিক্ষক চক্ৰেশ্বৰ বৰাক মুক্তি দিয়াৰ দাবীত বিদ্যালয়খনৰ ছাত্ৰছাত্ৰী সকলে কৰিলে উত্তাল প্ৰতিবাদ ।যাৰ বাবে লালুক আৰক্ষী থানাত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ । প্ৰধান শিক্ষক চক্ৰেশ্বৰ বৰাক মুক্তি দিয়াৰ দাবীত ছাত্ৰছাত্ৰী সকলে আৱদ্ধ কৰিছে থানাৰ মুল দ্বাৰ ।সংবাদদাতা ৰেকিব উদ্দিন ফাৰুকীক আক্ৰমণৰ ঘটনাকলৈ ব্যাপক প্ৰতিক্ৰিয়া
লখিমপুৰ জিলাৰ যুৱনগৰ হাইস্কুলত চৰকাৰী চাইকেল বিতৰণৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা ধন লোৱাৰ অভিযোগৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত ছাদ্দাম হুছেইনৰ নেতৃত্বত এটা যুৱকৰ দলে সাংবাদিক ৰেকিবৰ ওপৰত প্ৰাণঘাতীআক্ৰমণ চলোৱা ঘটনাকলৈ লখিমপুৰত সাংবাদিক সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ যে চৰকাৰী চাইকেল বিতৰণৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা ধন লোৱাৰ অভিযোগৰ পিছতেই জিলা শিক্ষা বিষয়াই লালুক আৰক্ষী থানাত গোচৰ দিয়ে আৰু উক্ত গোচৰৰ তদন্ত কৰিবলৈ লালুক আৰক্ষী উপস্থিত হৈছিল বিদ্যালয়খনত।সমান্তৰালকৈ সাংবাদিকৰ এটা দলো বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হৈছিল বিদ্যালয়খনত। সাংবাদিক ৰেকিব উদ্দিন ফাৰুকীও বিদ্যালয় খনত উপস্থিত হৈছিল। সাংবাদিক গৰাকীয়ে বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাতেই ছাদ্দাম হুছেইন নামৰ যুৱকজনে একাংশ ছাত্ৰ ছাত্ৰীক উচটাই দি নিজে ৰেকিব উদ্দিন ফাৰুকীক শাৰিৰীকভাৱে আক্ৰমণ কৰে। এনে ঘটনাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও তদন্ত কৰিবলৈ যোৱা লালুক আৰক্ষীৰ দলে সাংবাদিকৰ দলটো আৰু ৰেকিব উদ্দিন ফাৰুকীক উদ্ধাৰ কৰে।
গুৰুতৰভাৱে আহত সাংবাদিক ৰেকিব উদ্দিন ফাৰুকীক বৰ্তমান লালুক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ঘটনা সন্দৰ্ভত লালুক আৰক্ষী থানাত কেইবাজনো আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছ সাংবাদিক গৰাকীয়ে । ইফালে
লালুক থানাত জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হৈ সাংবাদিক আক্ৰমণকাৰীক এটা এটাকৈ কৰায়ত্ত কৰিবলৈ লালুক আৰক্ষীক নিৰ্দেশ দিয়ে ।ইফালে গোচৰটো নিৰীক্ষণ কৰিবলৈ উপ আৰক্ষী অধীক্ষক দেৱেন বৰাক দায়িত্ব অৰ্পণ কৰিছে ।