হাওৰাঘাট, ১৯ ডিচেম্বৰ : পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ ৩৪ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে । ৰাজ্যখনৰ ২১ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশনৰ অন্তিম দিনা শিক্ষা মন্ত্ৰী ৰণোজ পেগু মুখ্য অতিথি হিচাপে অহাৰ কথা আছিল যদিও মুকলি সভাত বিশেষ কাৰণত উপস্থিত নাছিল । ইয়াৰ বিপৰীতে মহম্মদ খাইৰুল আমিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত স্থানীয় বিধায়ক ৰূপছিং টেৰণ, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য ক্ৰমে প্ৰভাত চন্দ্ৰ তাৰ’ আৰু ৰীণা টেৰণপী , সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা,সম্পাদক প্ৰধান দিলীপ কলিতা আৰু উপ-সভাপতি শ্যামন্ত দাস আৰু শৰৎ দাস উপস্থিত থাকে । মুকলি সভাত শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবিয়ে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যত্নশীল হোৱাৰ লগতে চৰকাৰক সহযোগিতা কৰিবলৈ আহ্বান জনায় । এই সভাতে পুৰণা সমিতিখন ভংগ কৰি মোহনছিং ক্ৰ’ক সভাপতি, কাৰ্যকৰী সভাপতি ৰুবুল কলিতা , উপ-সভাপতি মাজাছিং ইংহি আৰু মহম্মদ চামছুল আলম , সম্পাদক প্ৰধান দেৱিকা দেৱী আৰু জইণ্ট চেক্ৰেটেৰী হিচাপে অশোক কুমাৰ মজুমদাৰক লৈ সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়