লখিমপুৰ, ১৮ ডিচেম্বৰ ; ধান ক্ৰয় ৰাজ্য চৰকাৰৰ এক অভিলাষী আঁচনি। কৃষক সকলৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে ২০২৩-২৪ খাৰিফ বানিজ্যিক বৰ্ষত চৰকাৰে ধানৰ নূন্যতম সমৰ্থন মূল্য ২১৮৩ টকালৈ বৃদ্ধি কৰিছে । নিজস্ব ভূমিত উৎপাদিত ধান প্ৰকৃত মূল্য যাতে কৃষক ৰাইজে বিক্ৰী কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে জিলাই জিলাই ধান ক্ৰয় কেন্দ্ৰ স্হাপন কৰিছে ।লখিমপুৰ জিলা প্ৰশাসনেও কৃষি খণ্ডত উৎপাদিত ধান জিলাখনত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে উপযুক্ত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কৃষক সকলৰ মাজত সজাগতা সৃষ্টিৰ হেতু কৃষক সভা ,গাওঁসভা অনুষ্ঠিত কৰা হৈছে ।কৃষক সকলৰ ধান কোনো মধ্যভোগিয়ে যাতে কম মূল্যত কিনিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসনকো সজাগ কৰা হৈছে । ইতিমধ্যে লখিমপুৰ জিলাৰ শিমলুগুৰি,ঢলপুৰ, বঙালমৰা,নাওবৈছা, উত্তৰ লখিমপুৰ আৰু ঢকুৱাখনাত কৃষক আৰু স্হানীয় ৰাইজৰ উপস্থিতিত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰি শুভ উদ্ধোধন কৰা হৈছে । চৰকাৰী ভাবে লখিমপুৰ জিলা কৃষি বিভাগক ২৬৫০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু জিলাখনৰ ৩৫৬ গৰাকী কৃষকৰ নাম পঞ্জিয়ন কৰি ধান ক্ৰয়ৰ অনুমতি প্ৰদান কৰিছে । কিন্তু লক্ষণীয় ভাবে লখিমপুৰত চৰকাৰী নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মধ্যভোগীৰ দুৰাত্ম্য চলিছে । মধ্য ভোগীয়ে কৃষকৰ পৰা কৌশলেৰে ১৮০০/১৯০০ টকাত ধান ক্ৰয় কৰি প্ৰাপ্যৰ পৰা কৃষকক বঞ্চিত কৰিছে । শেহতীয়াকৈ লখিমপুৰ জিলাৰ নাওবৈছা দলহাটত ১০ টনকৈ ধান ট্ৰাক সহ আৰক্ষীয়ে জব্দ কৰা ঘটনাই মধ্যভোগীৰ ৰমৰমীয়া ব্যৱসায়ৰ দিশটো উদঙাই দিছে । আজি জিলা কৃষি বিষয়াৰ পৰা লাভ কৰা তথ্য মতে খাৰুপেটীয়াৰ এজন ব্যৱসায়ীয়ে ধানসমূহ গোপনে ক্ৰয় কৰি নিয়াৰ ব্যৱস্থা কৰিছিল । প্ৰথম অৱস্থাত আৰক্ষীক উক্ত ধান সমূহ জহা ধান বুলি জনোৱাত আৰক্ষী আঁতৰি গৈছিল যদিও পৰৱৰ্তী সময়ত বিভাগৰ সহযোগিতাত ধান সমূহ জব্দ কৰে । সম্প্ৰতি এই সংক্ৰান্তত আৰক্ষী – কৃষি বিভাগৰ তদন্ত অব্যাহত আছে । কৃষি বিভাগে জানিবলৈ দিয়া মতে – বৰ্তমান জিলাখনত উৎপাদন হোৱা ধান জিলাৰ বাহিৰলৈ বিক্ৰী হোৱাটো নীতিবিৰুদ্ধ ।