লখিমপুৰ, ১৮ ডিচেম্বৰ:অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা দলে আজি লখিমপুৰ জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে জিলাখনৰ নাৰায়ণপূৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দকুৱা গাঁওৰ শ্রীশ্ৰী অনিৰুদ্ধদেৱৰ জন্মস্থান শ্ৰীশ্রীবিষ্ণুবালিকুঞ্চি দেৱোত্তৰ সত্ৰ আৰু তাৰ পিছতেই সক্ৰাহি গাঁৱৰ হৰিদেৱ সত্ৰ আৰু বিহপুৰীয়া ৰাজহ চক্ৰ অন্তৰ্গত শ্রীশ্ৰী অনিৰুদ্ধ দেৱৰ সমাধিস্থান নাহৰআটি সত্ৰ পৰিদৰ্শন কৰি ইয়াৰ অৱস্থাৰ বুজ লয়। সত্ৰ আয়োগৰ অধ্যক্ষ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা দলটোত আছিল আয়োগৰ পৰামৰ্শদাতা মাধৱ প্ৰসাদ শর্মা, বৰপেটাৰ হৰিপূৰ সত্ৰৰ সত্ৰাধিকাৰ দিপেন্দ্ৰ নাথ গোস্বামী, মায়ামৰা সাস্কৃতিক সমাজৰ প্ৰধান সম্পাদক হেমন্ত গোহাঁইৰ লগতে নাৰায়ণপুৰৰ চক্ৰ বিষয়া জয়প্ৰকাশ মহন্ত আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী। আয়োগৰ দলটোৱে তিনিখন সত্ৰৰ ভূমি সংক্ৰান্তীয় সমস্যাৰ চৰজমিন পৰ্যালোচনা কৰাৰ লগতে সত্ৰসমূহৰ সবিশেষ তথ্য সংগ্ৰহ কৰে। আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সত্ৰৰ যুগুত কৰা তথ্যসমূহ আয়োগক দাখিল কৰাৰ কথা উল্লেখ কৰে। সত্ৰসমূহৰ প্ৰতি যাতে ৰাইজ আকৰ্ষিত হয়, তাৰবাবে এটা উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত তেখেতে গুৰুত্ব দিয়ে। তেওঁ কয় যে ৰাজ্যখনৰ সত্ৰসমূহৰ মাটি বেদখলমুক্ত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰয়াস অব্যাহত ৰাখিছে। এইমাহৰ শেষৰ ফালে সত্ৰ আয়োগে চুড়ান্ত প্ৰতিবেদন দাখিল কৰিব বুলি অৱগত কৰে। ভূমিৰ অভাৱৰ সৈতে যুঁজ দি থকা বিভিন্ন সত্ৰৰ অভাৱ-অভিযোগৰ বুজ লৈ তেওঁ কয় যে সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি দাখিল কৰিবলগীয়া এই প্ৰতিবেদনে চৰকাৰক সত্ৰৰ ভূমিৰ সমস্যা সমাধানত যথেষ্ট সহায় কৰিব। নতুন প্ৰজন্মক এই সত্ৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে সকলোৱে আন্তৰিকতাৰে কাম কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ সত্ৰসমূহক পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ এইক্ষেত্ৰত সত্ৰৰ ভকত বৈষ্ণৱসকলৰ লগতে স্হানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। ইয়াৰ উপৰি আয়োগৰ দলটোৱে নাৰায়ণপুৰৰ লেটেকুপুখুৰী স্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থানো পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, ৰাজ্যখনৰ সত্ৰসমূহৰ ভূমি সমস্যা সমাধান কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বিষয়টো নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে ২০২১ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই সত্ৰ আয়োগখন গঠন কৰিছিল।