লখিমপুৰ, ১৮ ডিচেম্বৰ: লখিমপুৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ২০তম বিল্লু সিং সোঁৱৰণী মুৱাই-থাই সমৰকলাৰ প্ৰতিযোগিতাত যোৰহাট দলে শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰিছে । কালি নিশা অনুষ্ঠিত বঁটা বিতৰণি সভাত যোৰহাট দলক শ্ৰেষ্ঠ দল ঘোষণা কৰা হয় । প্ৰতিযোগিতাখনিত দলটোৱে ৪৩টা সোণ,৩০ৰূপৰ,২২টা ব্ৰঞ্জৰে শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে । আনহাতে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে লখিমপুৰে ১৬ সোণ,১৮ টা ৰূপ,১৬ ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ৮ সোণ ৮টা ৰূপ ১ব্ৰঞ্জৰে কামৰূপ গ্ৰাম্যই তৃতীয়া শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে । উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বিভিন্ন অনুষ্ঠানৰ আঁতধৰে খেল পৰিচালনা সমিতিৰ উপদেষ্টা তথা সংবাদিক ৰাজু সিংহই৷ মুৱাই-থাই সমৰকলাৰ মুখ্য প্ৰশিক্ষক তথা স্পৰ্টছ অৰ্থৰিটি অব থাই চৰকাৰৰ পৰ্মটাৰ ৰাকেশ মিটেই খেলৰ আৰম্ভণিৰ দিনা ৰাজ্যিক পতাকা উত্তোলন কৰে আৰু জিলাৰ পতাকা উত্তোলন কৰে আয়োজন সমিতিৰ সভাপতি মৃণাল শৰ্মাই। উক্ত দিনা সন্ধিয়াৰ পৰা জুনিয়ৰৰ বিভিন্ন ওজন আৰু বয়স শাখাৰ খেলসমুহ ভাৰতৰ মুখ্য প্ৰশিক্ষক গৰাকীৰ তত্বাৱধানত অনুষ্ঠিত হয় । খেল আৰম্ভ প্ৰাকমুহূৰ্তত মুৱাই-থাই সমৰকলাৰ আন্তৰ্জাতিক খেলুৱৈ দিপাংকৰ বৰাই মুৱাই-থাই ৰিঙৰ ভিতৰত থাই সমৰকলাৰ বাধ্যতামূলক এক ‘ওৱাকক্ৰ’ কলা প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ লাভ কৰে । দ্বিতীয় দিনাৰ খেল সমুহ পুৱা এঘাৰ বজাৰ পৰাই আৰম্ভ হয় আৰু সন্ধিয়া পৰলৈকে জুনিয়ৰ শাখাৰ ফলাফল ওলোৱাত প্ৰতিযোগী সকলক পুৰস্কাৰো বিতৰণৰ কৰা হয় । দ্বিতীয় দিনাৰ পুৰস্কাৰ বিতৰণি অনুষ্ঠানত লখিমপুৰৰ বিশিষ্ট কবি সমাজ কৰ্মী তথা ব্যৱসায়ীৰ উদয় শক্ঙৰ হাজৰীকা, প্ৰতিযোগিতা আয়োজন সমিতি উপদেষ্টা পূৰ্ণানন্দ বৰা, উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা দীপালী হাজৰিকা, লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ভৱ গগৈ আৰু বিশিষ্ট ব্যৱসায়ী ৰাজীৱ দত্ত উপস্থিত থাকে। তৃতীয় দিনা পুৱাৰ ভাগত ছিনিয়ৰ শাখাৰ ফাইনেল খেলসমুহ খেলোৱা হয় । সন্ধিয়াৰ বিশেষ আকৰ্ষণ মুৱাই-থাইৰ প্ৰো-ফাইট চাৰিখন খেলে দৰ্শক আৰু খেলুৱৈ সকলক আকৰ্ষিত কৰে । ।অন্তিম দিনাৰ পুৰস্কাৰ বিতৰণৰ আগত সদৌ অসম অ-পেছাদাৰী মুৱাই-থাই সমৰকলাৰ ৰাজ্যিক সমিতিয়ে লখিমপুৰত অনুষ্ঠিত খেল সফল সুন্দৰ হোৱা বুলি ঘোষণা কৰি আয়োজন সমিতিৰ সকলোৰে হৈ উপদেষ্টা ৰাজু সিংহ, সভাপতি মৃণাল শৰ্মা, সম্পাদক চেনাই ভূঞা, লখিমপুৰৰ মুখ্য প্ৰশিক্ষক উমানন্দ পাঠকক ৰিঙৰ ওপৰত এক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ভাৰত মুখ্য প্ৰশিক্ষক ৰাকেশ মিটেইয়ে । ইয়াৰ পাছত পুৰস্কাৰ সমুহ বিতৰণ কৰা হয় আজিৰ এই পুৰস্কাৰ বিতৰণ সভাত মুখ্য অতিথিৰ হিচাপে উপস্থিত থাকে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড ৹ লোহিত হাজৰিকে ধৰি আয়োজন সমিতিৰ কৰ্মকৰ্তাসকল ।
Home অসম আৰু উত্তৰপূব ২০ তম মুৱাই-থাই সমৰকলাৰ তিনদিনীয়া প্ৰতিযোগিতাৰ সকল সামৰণি:৪৩টা সোণ,৩০ৰূপৰ,২২টা ব্ৰঞ্জৰে শ্ৰেষ্ঠ দল...