লখিমপুৰ, ২০ ডিচেম্বৰ ; লখিমপুৰ জিলাৰ পদুমণি নাহৰণি বনগাঁৱত অহা ২২, ২৩ আৰু ২৪ ডিচেম্বৰত দুলুং-সোৱণশিৰি কনজাৰভেছন চ’ছাইটিৰ উদ্যোগত আৰু মিচিং স্বায়ত্ত্বশাসিত পৰিষদ ইক’টুৰিজিম ডেভলপমেন্ট চ’ছাইটিৰ সহযোগত দুলুং-সোৱণশিৰি মহোৎসৱত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে । ইতিমধ্যে দুলুং-সোৱণশিৰি মহোৎসৱৰ প্ৰস্তুতিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। মহোৎসৱৰ উপলক্ষে প্রায় ৪০০০ হেজাৰ দৰ্শকে বদিব পৰাকৈ বিশাল মণ্ডপ, ১০০ খনৰো অধিক বিপণি, প্ৰায় ডেৰশ লোকে একেলগে বহি খাব পৰাকৈ ভোজনালয় আদিৰ নিৰ্মাণৰ কাম প্রায় সম্পূর্ণ হৈছে। বিভিন্ন প্ৰাকৃতিক সম্পদৰ লগতে ভিন্ন প্ৰজাতিৰ প্ৰাকৃতিক অৰ্কিডৰে ভৰপুৰ দুলুং সংৰক্ষিত বনাঞ্চল খনৰ প্ৰসাৰ-প্ৰচাৰ আৰু বনাঞ্চল খনক উত্তৰ অসমৰ অন্যতম প্রাকৃতিক অর্কিড উদ্যান ৰূপে গঢ় দিয়াৰ লক্ষ্যৰে উদযাপন কৰা দুলুং-সোৱণশিৰি মহোৎসৱৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, বৃক্ষ ৰোপণ, বস্ত্ৰ আৰু হস্তশিল্প মেলা, পৰম্পৰাগত খাদ্য মেলা, বাণিজ্য মেলা, সাংস্কৃতিক সন্ধিয়া, স্মৰণিকা উন্মোচন, লোেক কৃষ্টি প্রদর্শন, গ্রাম্য ক্রীড়া, চিত্রাংকন, দুলুং প্ৰাইজমানি হাফ্ মাৰাথন দৌৰ আদি প্ৰতিযোগিতাৰে অনুষ্ঠিত হব। তাৰোপৰি প্ৰকৃতি সম্পর্কীয় মনোগ্রাহী বিষয়বস্তু লৈ অনুষ্ঠিত হবলগীয়া আলোচনা সত্ৰ আৰু মুকলি সভাত কেইটা গৰাকী অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক, উদ্ভাৱক, অবসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া, প্রকৃতি প্রেমী, শিক্ষক আদি বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব । উল্লেখ যে লখিমপুৰ
জিলাৰ বৈচিত্রময় নদী সোৱণশিৰি আৰু প্ৰায় ৯৯০০ হেক্টৰ মাটিকালিৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণ তথা প্ৰসাৰ-প্ৰচাৰৰ বাবে দুলুং কনজাৰভেছন চ’ছাইটিৰ উদ্যোগত আৰু এম এ চি ইকটুৰজিমডেভেলপমেন্ট চ’ছাইটিৰ দুলুং-সোৱণশিৰি মহোৎসৱ ২০১৫ বৰ্ষত উদ্যাপন কৰা হৈছিল। প্ৰাকৃতিক দুর্যোগ- ক’ভিডৰ দৰে মহামাৰী আৰু অনান্য কাৰকত একাদিক্রমে এই মহোৎসৱ উদ্যাপনকৰিব পৰা হোৱা নাছিল । এই মহোৎসৱৰ আকর্ষণীয় কার্যসূচী সমূহত প্রকৃতি সম্পর্কীয় আলোকচিত্র প্রদর্শণ, বস্ত্ৰ আৰু হস্তশিল্প বিপণি,
দুলুং বনাঞ্চল ট্রেকিং, জীপ আৰু হাতী চাফাৰি, তম্বুৰ ৰাত্রী যাপন,সোৱণশিৰি নদীত ৰাফ্টিং, প্রাকৃতিক পৰিৱেশ আৰু জলবায়ু বিষয়ক আলোচনা চক্র, জাতি-জনগোষ্ঠীয় লোককৃষ্টি প্ৰদৰ্শনৰ লগতে সাংস্কৃতিক কার্যসূচী অন্তৰ্ভূক্ত কৰা হৈছে। সেয়ে মহোৎসৱটি সাফল্য মণ্ডিত কৰিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে
Home অসম আৰু উত্তৰপূব ২২ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কার্যসূচীৰে লখিমপুৰৰ পদুমণি নাহৰণিত দুলুং মহোৎসৱ মিচিং স্বায়ত্ব...