লখিমপুৰ, ষ্টাফ ৰিপটাৰ ,২০ ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৰূপায়িত হৈ থকা “বিকশিত ভাৰত সংকল্প যাত্ৰা’ শীৰ্ষক প্ৰচাৰ অভিযানৰ কাৰ্য্যসূচী আজি উত্তৰ লখিমপুৰ পৌৰ সভাৰ উদ্যোগত ত্যাগ ক্ষেত্ৰৰ প্ৰাংগণত আৰু বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কদম গাওঁ পঞ্চায়তৰ কাৰ্য্যলয় প্ৰাঙ্গনত আৰু ন-কদম গাওঁ পঞ্চায়তৰ বধাকৰা আঞ্চলিক ৰংগ মঞ্চত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানসমূহত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণৰ বাণীবদ্ধৰূপ সম্প্ৰচাৰ কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলাৰ যুৱ মৰ্চাৰ সভাপতি কৃশান গগৈয়ে আঁত ধৰা উত্তৰ লখিমপুৰ পৌৰ সভাৰ অনুষ্ঠানটিত আদৰণি ভাষণ প্রদান কৰে উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি নিবেনিতা দত্তই । উক্ত অনুষ্ঠানত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি তথা সমাজকৰ্মী ফণীধৰ বৰুৱাই মূখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সংকল্প যাত্রা শীৰ্ষক অনুষ্ঠানৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে বক্তব্য প্ৰদান কৰে।সভাত জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্য্যবাঁহী বিষয়া কেচিঅ কৰণ পেগু, নগৰ উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ সমীৰণ কোঁৱৰ,উত্তৰ লখিমপুৰ পৌৰসভাৰ উপ পৌৰপতি প্ৰাঞ্জল প্ৰতিম দত্ত , ৱাৰ্ড কমিছনাৰসকল ,হিতাধিকাৰী সকল লগতে স্হানীয় ৰাইজ উপস্থিত থাকে। আনহাতে বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কদম গাওঁ পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গনৰ অনুষ্ঠিত হোৱা বিকশিত ভাৰতৰ সংকল্প যাত্ৰাৰ অনুষ্ঠানত বগীনদী খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্ৰী ডেকাই আদৰণি ভাষণ প্ৰদান কৰে।উক্ত অনুষ্ঠানত জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়া, বিধায়কৰ প্ৰতিনিধি দিনমণি মহন্ত ,জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া, পঞ্চায়তৰ সভাপতি দেৱজিৎ দিহিঙীয়া, গাওঁ পঞ্চায়তৰ সচিব ৰমেন শইকীয়া, গাওঁ প্ৰধান দ্বীপেন গোহাঁই ,অসম গ্ৰামীণ বিকাশ বেংকৰ নকাৰীৰ শাখা প্ৰৱন্ধক উৎপল ভট্টাচাৰ্য উপস্থিত থাকে।অনুষ্ঠানসমূহত”বিকশিত ভাৰত সংকল্প যাত্রা”ৰ বাবে কাম কৰাৰ অৰ্থে সকলোৱে সংকল্প গ্ৰহণ কৰে।উক্ত সভাসমূহত উপস্থিত থকা বিভিন্ন বিভাগৰ বিষয়াসকলে তেওঁলোকৰ বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি আৰু সফলতাৰ খতিয়ান দাঙি ধৰাৰ লগতে স্হানীয় ৰাইজে কৰা প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে। ইয়াৰ উপৰি চৰকাৰী আঁচনি লাভ কৰা হিতাধিকাৰী সকলে তেখেতসকলৰ মনৰ ভাৱো ব্যক্ত কৰে।তদুপৰি “বিকশিত ভাৰত সংকল্প যাত্ৰা’ অভিযানত ব্যৱহৃত অত্যাধুনিক বাহনখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজত প্ৰদৰ্শন কৰা হয়।










