১৯৯১ চনত ৰাজকুমাৰী ডায়েনাই পিন্ধা ভেলভেট গাউন এটা নিলামত প্ৰায় ৪ লাখ ৭৬ হাজাৰ পাউণ্ডত বিক্ৰী হয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিক্ৰী হোৱা এই পোছাকটো আছিল ডায়েনাই নিলামত পিন্ধা আটাইতকৈ দামী পোছাক। এইবাৰ ডায়েনাৰ আন এক পোছাকে সেই অভিলেখ ভংগ কৰি ৯ লাখ পাউণ্ডত বিক্ৰী হয়। যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১৪ কোটি।
হলিউডৰ জুলিয়েনছ অকচনত অনুষ্ঠিত নিলামত এই পোছাক বিক্ৰী কৰা হয়। ১৯৮৫ চনত ইটালীৰ ফ্ল’ৰেন্সত অনুষ্ঠিত হোৱা ডিনাৰ পাৰ্টিত ডায়েনাই ক’লা মুগাৰ সন্ধিয়াৰ পোছাক পিন্ধিছিল।তেওঁৰ এটা ৰাজকীয় ভ্ৰমণৰ অংশ আছিল। য’ত তাইৰ তেতিয়াৰ স্বামী চাৰ্লছ তাইৰ লগত আছিল। পিছলৈ ডায়েনাই ১৯৮৬ চনত পুনৰ এই পোছাক পিন্ধি ভেংকুৱাৰ চিম্ফনী অৰ্কেষ্ট্ৰালৈ যায়। ভবা হৈছিল যে এই মূল্য ৭৮ লাখ পাউণ্ডলৈ বৃদ্ধি পাব পাৰে। ড্ৰেছটোত শ্বোল্ডাৰ পেড, নীলা ৰঙৰ স্কাৰ্ট আৰু চেছ আছে। ইয়াক নিৰ্মাণ কৰিবলৈ কাপোৰখন ঠিক কৰিছিল বিশ্ববিখ্যাত বস্ত্ৰ ব্যৱসায়ী জেকব শ্ব্লেইফাৰে। আৰু ড্ৰেছটোত মেটালিক এম্ব্ৰয়ডাৰী কৰা তাৰকাবোৰ জেক আজাগুৰিৰ ডিজাইন টিমে কৰিছিল। ৰয়েল ফেমিলিৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য হিচাপে ডায়েনাই পিন্ধিছিল অনন্য ড্ৰেছ।ইভিনিং ড্ৰেছৰ উপৰিও ডায়েনাই পিন্ধা এটা ব্লাউজ হলিউড লিজেণ্ডছৰ নিলামত প্ৰায় ৩ লাখ ইউৰোত বিক্ৰী হৈছিল। অনুমান কৰা হৈছিল যে ই ৬৩ হাজাৰ ইউৰোত বিক্ৰী হ’ব। ১৯৮১ চনত এংগেজমেণ্টৰ সময়ত এই ড্ৰেছ পিন্ধিছিল। ডায়েনাৰ উপৰিও এই নিলামত হলিউডৰ তাৰকাসকলে ব্যৱহাৰ কৰা কেইবাটাও সামগ্ৰীও বিক্ৰী কৰা হয়। যাৰ ভিতৰত অড্ৰে হেপবাৰ্নৰ জিভেঞ্চি পোছাক উল্লেখযোগ্য। যিটো তেওঁ ১৯৬৩ চনত পিন্ধিছিল। লগতে বিক্ৰী হৈছে ১৯৫০ চনত গ্ল’ৰিয়া শ্বোৱানছনে পিন্ধা হাতৰ আঁচলবিহীন গাউন।