নিউজ ডেক্সঃযৌন নিৰ্যাতনৰ প্ৰতিশোধ ল’বলৈ ২৫ বছৰীয়া যুৱকক হেক কৰি হত্যা কৰি ৩ কিশোৰীয়ে মৃতদেহত জুই লগাই দিয়ে। দক্ষিণ-পূব দিল্লীৰ নিজামুদ্দিন অঞ্চলত সংঘটিত হৈছে এই ঘটনা। দেওবাৰে এই তথ্য নিশ্চিত কৰিছে দিল্লী আৰক্ষীয়ে।আৰক্ষীৰ তথ্য অনুসৰি মৃত যুৱকজনে অভিযুক্ত এগৰাকীক যৌন নিৰ্যাতন চলোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ বাবেই ভুক্তভোগীয়ে সহযোগী দুই কিশোৰীৰ সৈতে যুৱকজনক হত্যা কৰাৰ পৰিকল্পনা কৰে।এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, ‘২৩ ডিচেম্বৰৰ নিশা সংঘটিত ঘটনা সন্দৰ্ভত গোপন সূত্ৰ পোৱাৰ পিছত আমি ১৬ আৰু ১৭ বছৰীয়া তিনিগৰাকী ছোৱালীক গ্ৰেপ্তাৰ কৰিছো। তেওঁলোকক ধৰিবলৈ এটা দল নিযুক্তি দিয়া হৈছিল। দলটোৱে নিজামুদ্দিন বস্তি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্তক।আজাদ নামৰ এজন লোকক হত্যা কৰি খুছৰো পাৰ্কৰ সমীপত মৃতদেহ এৰি থৈ যোৱাৰ কথা স্বীকাৰ কৰে তেওঁলোকে। স্বীকাৰোক্তি দিয়াৰ পিছত কিশোৰীকেইগৰাকীৰ সৈতে আৰক্ষীয়ে সেই স্থানলৈ যায়। তালৈ যোৱাৰ পিছত আধা জ্বলা মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।অভিযুক্তৰ মতে, ২১ ডিচেম্বৰৰ নিশা লোকজনক হত্যা কৰি শুকান ঘাঁহ আৰু কাপোৰেৰে জ্বলাই দিয়াৰ চেষ্টা চলাইছিল। প্ৰতিশোধৰ বাবে এই হত্যা কৰিছিল।