হাওৰাঘাট,৬ জানুৱাৰী : অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ বাবে চলিত মাহৰ ৩ তাৰিখৰ পৰা আৰম্ভ কৰা পঞ্চম পৰ্যায়ৰ গুণোৎসৱ কাৰ্যসূচীৰ আজি সামৰণী পৰে । উল্লেখযোগ্য যে ৰাজ্যজুৰি অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ সমান্তৰালকৈ কাৰ্বি আংলং জিলাৰ লুম্বাজং শিক্ষা খণ্ডৰ অন্তৰ্গত ৰংপ্লিমপ্লাম এম ই স্কুলত অনুষ্ঠিত কৰা গুণোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিক্ৰম তেৰাঙে পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আনহাতে বিদ্যালয়খনৰ পঞ্চম পৰ্যায়ৰ গুণোৎসৱত পৰ্যবেক্ষক হিচাপে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক ড° আব্দুছ শ্বাহিদ উপস্থিত থাকি বিদ্যালয়ৰ সামগ্ৰিক বিকাশ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ লগতে শৈক্ষিক পৰিবেশ পৰ্যবেক্ষণ কৰে। বিদ্যালয়খনৰ এই গুণোৎসৱত সমল ব্যক্তি হিচাপে উপস্থিত থকা আমলখি মণ্ডল কমিটীৰ এন্থনী ইংতিৰ লগতে প্ৰধান শিক্ষক মুনিন্দ্র নাথ তালুকদাৰে অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত শাসিত পৰিষদে শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে বহুলভাৱে গ্ৰহণ কৰা এনে এক ইতিবাচক পদক্ষেপক সঁহাৰি জনোৱাৰ লগতে ভূয়সী প্ৰশংসাও কৰে । উল্লেখ্য যে ৰংপ্লিমপ্লাম এম ই স্কুলখন অতি ভিতৰুৱা অঞ্চলত হোৱা স্বত্বেও বিগত বৰ্ষত A গ্ৰেড পাবলৈ সক্ষম হৈছিল বুলি বিদ্যালয়ৰ নডেল শিক্ষক কৌস্তৱ খাউণ্ডে জানিবলৈ দিয়ে।