লখিমপুৰ, ৮ জানুৱাৰী :লখিমপুৰ জিলাত যোৱা ৪ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চম পৰ্যায়ৰ গুণোৎসৱ ২০২৪ ৰ সফল সামৰণি পৰে।জিলাখনৰ ছটা শিক্ষাখণ্ডৰ ১,৪১১ খন প্ৰাথমিক বিদ্যালয়,৩০৩ খন উচ্চ প্ৰাথমিক আৰু ২৭০ খন উচ্চ মাধ্যমিক বিদ্যালয় মুঠ ১৯৮৪ খন বিদ্যালয়লয়ত অনুষ্ঠিত হোৱা গুণোৎসৱত ৭২২ জন বহিৰ্মূল্যায়ক হিচাপে অংশ লয়। লখিমপুৰ জিলাত বিশ্বনাথ জিলাৰ পৰা ৮৬ জন আৰু ধেমাজি জিলাৰ পৰা১২৫ জন বহিৰ্মূল্যায়কে অংশ লয়। বহিৰ্মূল্যায়ক হিচাপে ৰাজ্য চৰকাৰৰ ফালৰপৰা জিলাখনত ৫ জন প্ৰথম শ্ৰেণী বিষয়া, যথাক্ৰমে লখিমপুৰ ব্লকৰ, চাউলধোৱা ক্লাছটাৰত গৃহ আৰু ৰাজনীতি বিভাগৰ সচিব অসীম কুমাৰ ভট্টাচাৰ্য, , বিহপুৰীয়া ব্লকৰ লালুক ক্লাছটাৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব জুলি দলে, ঢকুৱাখনা ব্লকৰ সদৰ ক্লাছটাৰত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব তথা অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ৰমেন চন্দ্ৰ মালাকৰ, বৰদলনি ব্লকৰ দেৱলিয়া ক্লাছটাৰত প্ৰধান মুখ্য বন সংৰক্ষক দিবালিন দাস,, নাৰায়ণপূৰ ব্লকৰ নগৰ ক্লাছটাৰত কৃষি বিভাগৰ সচিব তেজ প্ৰসাদ ভুছাল, আদিয়ে ৪ জানুৱাৰীৰপৰা ৬ জানুৱাৰীলৈ তিনিখনকৈ বিদ্যালয়ত বহিৰ্মূল্যায়ক হিচাপে অংশ লয়। জিলাখনত ৪ জানুৱাৰী ৰপৰা ৬জানুৱাৰীলৈ বিদ্যালয়সমূহত অনুষ্ঠিত হোৱা পঞ্চম পৰ্য্যায়ৰ গুণোৎসৱ ২০২৪ সফলতা ৯৮.৯৯ শতাংশ ।
জিলাখনত গুণোৎসৱ-২০২৪ সফল সামৰণি পৰাৰ ক্ষেত্ৰত গুণোৎসৱত জড়িত ৰাজ্য চৰকাৰ, ধেমাজি আৰু বিশ্ব নাথ জিলাৰ বহিৰ্মূল্যায়কসকল, জিলাৰ বিভিন্ন বিভাগৰ বিষয়া, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰী,সৰ্বশিক্ষা বিভাগৰ বিষয়া কর্মচাৰীসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে লখিমপুৰ জিলা আয়ুক্ত গায়ত্রী হ্যালিংগেৰ লগতে বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াই সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে









