লখিমপুৰ, ৮ জানুৱাৰী – লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী কাকৈ ৰাজগড়স্থিত কাকৈ ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটা পকী ভৱন নিৰ্মাণত ঠিকাদাৰ হীৰা গগৈয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ লগতে দুবছৰে বিদ্যালয় গৃহটো অৰ্ধনিৰ্মিত অৱস্থাত পেলাই ৰখা কাৰ্যই স্থানীয় ৰাইজক ক্ষোভিত কৰি তুলিছে। ৫১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনত ছটা শ্ৰেণী কোঠা আৰ চি চি ভৱনসহিত নিৰ্মাণৰ বাবে ২০২১ চনৰ নৱেম্বৰ মাহত সৰ্বশিক্ষাৰ আৰ এম এছ শিতানত ১ কোটি ৪০ লাখ টকা আৱণ্টন হৈছিল। অসম চৰকাৰৰ সৰ্বশিক্ষাৰ মিছন সঞ্চালক ডঃ ঔমপ্ৰকাশৰ অধিক গুৰুত্বতাতে বিদ্যালয়খনৰ উক্ত ভৱনটি নিৰ্মাণ কৰাৰ দায়িত্ব ঠিকাদাৰ হীৰা গগৈয়ে লাভ কৰিছিল। পিচে বিদ্যালয় ভৱনটি নিৰ্মাণ কৰিবলৈ গৈ ঠিকাদাৰ গৰাকীয়ে আশ্ৰয় লয় ব্যাপক দুৰ্নীতি-অনিয়মৰ। এই ক্ষেত্ৰত লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়াৰ ৰহস্যজনক নীৰৱ ভূমিকা তথা সৰ্বশিক্ষাৰ কণিষ্ঠ অভিযন্তা সুৰজ বৰুৱাৰ গুৰুত্বহীনতাৰ বাবেই বিদ্যালয় খনৰ নিৰ্মাণত এনে অনিয়ম হোৱা বুলি অভিযোগ উত্থাপিত হৈছে । বিদ্যালয়খনত কৰ্মৰত শিক্ষক তথা স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে- ৰডবিহীন লিন্টাৰ, খিড়িকীবিহীন বেৰ, নিম্নমানৰ পকী কংক্ৰিটৰ ইটা তথা কাকৈ নৈৰ মাটি মিহলি চেণ্ড গ্ৰেভেল আৰু বালি ব্যৱহাৰ কৰিয়েই ঠিকাদাৰগৰাকীয়ে বিদ্যালয় ভৱনটোৰ পকী বেৰসমূহ নিৰ্মাণ কৰিবলৈ উঠি-পৰি লাগিছিল যদিও ৰাইজৰ প্ৰতিবাদত সেও মানি যোৱা অক্টোবৰ মাহত কণিষ্ঠ অভিযন্তা সুৰজ বৰুৱাই নিম্নমানৰ পকীবেৰ সমূহ ভাঙি দিবলৈ বাধ্য হয়। কিন্তু সেই যি পকীবেৰসমূহ কণিষ্ঠ অভিযন্তাগৰাকীয়ে ভাঙি দিলে তাৰ পিচৰপৰা আজিকোপতি নতুনকৈ পকীবেৰসমূহ নিৰ্মাণত ঠিকাদাৰ গৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। জানিব পৰা মতে, সৰ্বশিক্ষাৰ মিছন সঞ্চালক ডঃ ঔম প্ৰকাশৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক হোৱাৰ সু-বাদতে এইগৰাকী ধনলোভী ঠিকাদাৰে আৰ এম এছ শিতানত লখিমপুৰ আৰু ধেমাজি জিলাত এনেদৰেই নিৰ্মাণ কৰিছে প্ৰায় ছখন বিদ্যালয়ৰ নতুন ভৱন। বিদ্যালয়ৰ শিক্ষকসকলে জানিব দিয়া মতে, ২০২১ চনৰ নৱেম্বৰ মাহত আৰ এম এছ শিতানত বিদ্যালয়খনৰ উক্ত ভৱনটো নিৰ্মাণ কৰিবলৈ গৈ ঠিকাদাৰ গৰাকীয়ে প্ৰথম বছৰটোত ভৱনটোৰ কেৱল খুটাকেইটা ঢালিয়েই উক্ত কৰ্ম আঁচনিৰ পৰা মূৰপোলোকা মাৰে। এনে পৰিস্থিতিত স্থানীয় ৰাইজ তথা বিদ্যালয় কৰ্তৃপক্ষৰ তীব্র প্ৰতিবাদ তথা অভিযোগৰ ফলশ্ৰুতিত এবছৰ বিৰতিত ঠিকাদাৰ গৰাকীয়ে বিদ্যালয়খনৰ ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও বৰ্তমানপৰ্যন্ত কেৱল বিদ্যালয় ভৱনটোৰ খুটাকেইটা আৰু পকী চাদ দুখনহে সম্পূৰ্ণ হৈ উঠিছে। এনেদৰে লেহেমীয়া গতিৰে তথা এশ-এবুৰি সমস্যাৰ মাজেৰে নিৰ্মাণকাৰ্য চলাই থকা এই ভৱনটোত ভৱিষ্যতে শিক্ষাৰ্থীক কেনেকৈ বহি পঢ়িবলৈ দিব আৰু প্ৰকৃতাৰ্থত ভৱনটোৰ নিৰ্মাণ প্ৰাককলন অনুসৰি কেতিয়া সম্পূৰ্ণ হৈ উঠিব তাক লৈ এতিয়া চিন্তাত পৰিছে বিদ্যালয়খনৰ শিক্ষক তথা অভিভাৱক সমাজ। (ফটো আছে
Home অসম আৰু উত্তৰপূব লখিমপুৰৰ কাকৈ ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পকী ভৱন নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি দুবছৰেও...