হাওৰাঘাট,৮ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনি আলিত আজি হাওৰাঘাট তিনি আলি আঞ্চলিক কছাৰী সমাজৰ সভাপতি হৰি নাৰ্জাৰীৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বীৰেন স্বৰ্গীয়াৰীয়ে । হাওৰাঘাট তিনি আলি আঞ্চলিক পৰ্যায়ৰ এবচু, কছাৰী সমাজ, আবৌফ, বড়ো সাহিত্য সভা, গাওঁবুঢ়া সন্থা, হাৰিমু আফাদ, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদকে ধৰি কেইবাটাও অগ্ৰণী বড়ো সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰা সভাত সভাৰ প্ৰস্তাৱ মৰ্মে অহা ২৪ জানুৱাৰীত হাওৰাঘাট তিনি আলি আঞ্চলিক পৰ্যায়ৰ ছয় অগ্ৰণী বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত আঞ্চলিক এবচুৰ সভাপতি দীনেশ নাৰ্জাৰী, সম্পাদক অঞ্জল স্বৰ্গীয়াৰী, আঞ্চলিক বড়ো সাহিত্য সভাৰ সম্পাদক চম্ভু ৰামচিয়াৰী, আঞ্চলিক হাৰিমু আফাদৰ সম্পাদক গুৰুচৰণ গয়াৰী, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ সদস্য মহেশ্বৰ বসুমতাৰী, গাওঁ গাওঁবুঢ়া প্ৰদীপ নাৰ্জাৰী, খৰ্গেশ্বৰ বসুমতাৰী, ইলা খাখলাৰী, আঞ্চলিক আবৌফৰ সম্পাদিকা প্ৰভা বসুমতাৰী, সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, সুবল বসুমতাৰী আদি উপস্থিত থাকে ।