লখিমপুৰ, ১৩ জানুৱাৰী : আজি উৰুকা । চৌদিশে
ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। আঘোণৰ সোণগুটি লখিমীক ভঁৰালত চপাই বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈ কৃষিজীৱী অসমীয়াই ভোগৰ উৎসৱ ভোগালী বিহু উদযাপনৰ বাবে চলোৱা তৎপৰতাৰ অন্ত নাই । অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন এই বিহুৰ সৈতে সম্পৃক্ত হৈ আছে কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দ। গাঁৱে- ভূঞে জীয়ৰী-বোৱাৰী এতিয়া ব্যস্ত হৈ পৰিছে আখলত। বিধে বিধে তৈয়াৰ কৰিছে পিঠা-পনা। পথাৰত নৰা কাটি যুৱচামে সাজিছে ভেলাঘৰ , মেজি । সমগ্ৰ অসমৰ লগতে ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত এতিয়া লখিমপুৰবাসী ৰাইজ । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ আজাদতো দেখা গৈছে ভোগালীক লৈ ব্যাপক আয়োজন ।তেলাহী যুব সমাজৰ উদ্যোগত এইবাৰো নিৰ্মাণ হৈছে বিশাল ভেলাঘৰ ।পৌৰাণিক কমতাপুৰৰ ৰাজপ্ৰসাদৰ আৰ্হিত নিৰ্মাণ হৈছে এই ভেলাঘৰ ।অঞ্চলটোৰ বহু কেইখন গাঁৱৰ ৰাইজে একত্ৰিত হৈ এই ভেলাঘৰৰ মজিয়াতে লগে ভাগে হেঁপাহৰ ভোগালীৰ উৰুকাৰ এসাজ খোৱাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি । তেলাহী যুৱ সমাজে দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰিছে এই ভোগালী উৎসবৰ ।একেদৰে জিলাখনৰ নাওবৈচাৰ বিভিন্ন প্ৰান্ততটো মাঘ বিহুৰ দিনা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে এসাঁজ উদৰ পূৰাই খাবলৈ ব্যাপক প্ৰস্তুতি চলাইছে । কিয়নো ভোগালী মানেই ভোগৰ আনন্দ। কৃষিজীৱী অসমীয়াই বছৰৰ ফচল ভঁৰালত ভৰাই মাঘৰ বিহুত আনন্দৰে এসাঁজ খোৱাৰ আছে পৰম্পৰা। নাওবৈচাৰ হাৰিবৰ দলনী গাঁৱৰ ডেকা-বুঢ়া বোৱাৰী সকলোৱে একগোট হৈ ভোগালীৰ উৰুকাৰ নিশা মাছে-মঙহে এসাজ খাবলৈ পথাৰত ভেলাঘৰ নিৰ্মানেৰে ভোজ ভাতৰ বাবে সাজু হৈছে । ইফালে ভোগালী বিহু উদযাপনৰ বাবে নিত্য ব্যৱহায্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ স্বত্তেও
বজাৰ- সমাৰত বিহুৰ খাদ্য-সম্ভাৰ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।আধুনিকতাৰ ধামখুমীয়াত চহা জীৱনৰ পূৰ্বৰ সেই পৰিৱেশ বহু পৰিমাণে স্তিমিত হৈ পৰিছে যদিও আনন্দ- উছাহ কোনোগুণেই কমি যোৱা নাই। মাঘ বিহুৰ ভেলাঘৰ আৰু মেজিয়ে আজিও গাঁৱৰ প্ৰতিজন লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি ৰখাত গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে। ভোগালীত আলহী-অতিথিৰ আপ্যায়নৰ বাবে চিৰা, বৰা ধানৰ সান্দহ, ভজা চাউল, কোমল চাউল, তিলৰ লাড্ডু, বৰা চাউলৰ পিঠা, নাৰিকলৰ লাড্ডু, গুৰ, দৈ, ক্রীম আদি খাদ্য-সন্তাৰেৰে বিহুৰ বাবে সাজু হৈ উঠে প্রতিজন অসমীয়া। উৰুকাৰ ৰাতি সমূহীয়াকৈ ভোজভাত খোৱাৰ বাবে এতিয়াৰেপৰা চলিছে পূর্ণ প্রস্তুতিl